ধেমাজিত ৰন্ধন কৰ্মীৰ বিক্ষোভ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজী, ২ ছেপ্টেম্বৰঃ সদৌ অসম মধ্যাহ্নভোজন কৰ্মচাৰী ধেমাজী জিলা কমিটীয়ে অসমত মধ্যাহ্ন ভোজন আঁচনিখন বেচৰকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ প্ৰতিবাদত ১ ছেপ্টেম্বৰত ধেমাজি চহৰৰ মাজমজিয়াত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে

২০০৫ চনৰ পৰা ৰন্ধন কৰি অহা মহিলা সকলে ১ হাজাৰ টকাৰ মাননী বৃদ্ধি কৰা, আৰু বহিৰাগত বেচৰকাৰী সংস্থাক আচঁনিখন প্ৰদান কৰাৰ তীব্ৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

পৰৱৰ্তী পৰ্যায়ত এইসমূহ দাবী মানি নল’লে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি চৰকাৰলৈ সকীয়নি প্ৰদান কৰে।

প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে ধেমাজি উপায়ুক্ত কাৰ্যালয় কপাই তোলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here