গাওঁপঞ্চায়ত সমূহত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আন্দোলন

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজীৰ পৰা ললিত শইকীয়া, ৩ অক্টোবৰঃ গান্ধী জয়ন্তীৰ দিনাই নিজৰ প্ৰাপ্যৰ দাবীত আন্দোলনত নামিব লগা হল গান্ধীজীৰ সপোনৰ গ্ৰাম স্বৰাজ অৰ্থাৎ গাওঁপঞ্চায়ত সমূহত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকল ৷

বিগত বাৰটাকৈ বছৰে তেনেই সামান্য পাৰিতোষিকেৰে গ্ৰামাঞ্চলৰ ৰাইজৰ সেৱা কৰি অহা এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে তেওঁলোকৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ, নিয়মীয়াকৰণ নকৰা পৰ্যন্ত নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত বেতন প্ৰদান, ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলে লাভ কৰা সকলো সুবিধা প্ৰদানৰ দাবীত পালন কৰিছে এই পাঁচদিনীয়া কৰ্মবিৰতিৰ৷

ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ কায্যালয়ৰ সন্মুখত জিলাখনৰ ৬৫ টা গাওঁ পঞ্চায়ত আৰু পাঁচটা উন্নয়ন খণ্ডত ঠিকাভিত্তিত নিয়োজিত ২৬৪ জনৰো অধিক কৰ্মচাৰীয়ে একত্ৰিত হৈ পালন কৰে কৰ্মবিৰতিৰ কাৰ্যসূচী৷ গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এইসকল কৰ্মচাৰীক চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি শ্ৰীঘ্ৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাই বিভাগটোত ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰীসকলে৷

উল্লেখ্য যে ২ অক্টোবৰ অৰ্থাৎ গান্ধীজয়ন্তীৰ দিনটোতেই পঞ্চায়ত একোটাৰ উন্নয়নৰ বাবে পাঁচ বছৰীয়া আঁচনী অৰ্থাৎ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা (GPDP) প্ৰস্তুত কৰা হয়৷

কিন্তু এই পৰিকল্পনা প্ৰস্তুতকাৰী কৰ্মচাৰীসকলৰ কৰ্মবিৰতিয়ে ৰাজ্যৰ পঞ্চায়তসমূহক পাঁচ বছৰ পিচুৱাই যোৱাৰ আশংকা প্ৰকাশ কৰাৰ লগতে গাওঁ অঞ্চলৰ ৰাইজৰ উন্নয়নত স্হবিৰতা অহাতো নিশ্চিত৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here