আঁচনি আছে কামত নাই, থকাতকৈ নথকাই ভাল

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজী, ১২ অক্টোবৰঃ স্বচ্ছতা নামৰ আঁচনিখনক একাংশ লোকে বুঢ়া আঙুলি দেখুৱাই, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষসমূহক ডাচবিন হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে।

এই দৃশ্য ধেমাজি জিলা গোগামুখ মইনাপৰা। কিছুদিন ধৰি একাংশ অসাধু ব্যৱসায়ীয়ে গেলা পচা অৱৰ্জনাবোৰ এই স্থানত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ইয়াৰ ফলত দুৰ্গন্ধময় পৰিবেশ সৃষ্টি হয় ।পথৰ দাঁতিত থকা বৃক্ষ সমূহ তলত বহু দূৰ দূৰণিৰ পৰা অহা যাত্রীসকলে জিৰণি লয়।কিন্তু আজি এনে পৰিবেশৰ বাবে যাত্রীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে।

অতি পৰিতাপৰ বিষয় যে ৫০০ মিটাৰ কাষতে গোগামুখ ৰাজহ চক্ৰ কাৰ্যালয়টি থকাৰ পাছতো কাণসাৰ নাই সেইসকল কৰ্মচাৰীৰ,নাই যে নাই জিলা প্ৰশাসনৰ তথা ধেমাজি জিলা পৌৰসভাৰো।

এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উদয় হৈছে যে, সেই অষাধু ব্যৱসায়ীসকলক কোনে অনুজ্ঞাপত্ৰ দিলে, এই স্থানত গেলা-পচা অৱৰ্জনা পেলাবলৈ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here