বিধ্বস্ত পথ আৰু কালভাৰ্টঃ গড়কাপ্তানি বিভাগৰ উন্নয়ন নামত ফোপোলা স্বৰূপ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী, ১২ আক্টোবৰঃ ধেমাজি জিলাৰ নলবাৰী অঞ্চলৰ নলবাৰী পৰা কৌপাতনি সংযোগী পথৰ দুৰৱস্হাই নগুৰ-নাগতি কৰিছে জনসাধাৰণক।

উক্ত পথচোৱাত থকা কালভাৰ্টটি পাহাৰৰ পৰা বৈ অহা জান-জুৰীয়ে ভাঙি চিঙি লণ্ড ভণ্ড কৰাৰ ফলত নলবাৰী অঞ্চলৰ পথচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে।

আজি দুই বছৰ পূৰ্বেই কালভাৰ্টটি ভঙাৰ লগতে কাষৰ মাটিসমূহ খহাই নিয়ে আৰু পথচোৱা খণ্ড বিখণ্ড কৰা পৰিলক্ষিত হয়।

আজি কুপতি গড়কাপ্তানি বিভাগৰ লগতে ধেমাজি জিলা প্ৰশাসনৰ লোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা অনুমান নাপায় স্থানীয় লোকে দুখ প্ৰকাশ কৰে, আৰু সমস্যাসমূহ সমাধান কৰিব দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here