গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস,১২ অক্টোবৰঃ গোলাঘাট জিলাৰ বাণিজ্য-শিক্ষাৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস অলপতে দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়।

কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে সহযোগী অধ্যাপক পৰেশ শইকীয়াই।

ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত পোনাৰাম নেওগৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

স্মৃতি তৰ্পণ কৰে সহযোগী অধ্যাপক মুনমণি বৰুৱাই।

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যসকলে শ্বহীদ তৰ্পণ কৰে আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সহযোগী অধ্যাপক ড০ যতীন নাথৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। পৰৱৰ্তী কাৰ্যসূচীত মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ মাজত এখন মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

জনপ্ৰিয় কুইজ পৰিচালক তথা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ভাস্কৰ কাকতিয়ে কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here