কেন্দ্ৰীয় বিদ্যালয় গোলাঘাটৰ নৱ নিৰ্মিত ভৱন উদঘাটন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা,উৎপল দাস,১২ অক্টোবৰঃ মানৱ সম্পদ উন্নয়ন বিকাশ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়াল দিশংকই সমগ্ৰ দেশৰ ২৫ খন কেন্দ্ৰীয় বিদ্যালয়ৰ লগতে কেন্দ্ৰীয় বিদ্যালয়, গোলাঘাটৰ নৱ নিৰ্মিত ভৱনটি “শিলাপদ” মানৱ সম্পদ মন্ত্ৰ্যালয়, নতুন দিল্লীৰ পৰা ই-কনফাৰেচিঙৰ জৰিয়তে উদ্ঘাটন কৰে৷

তদুপলক্ষে শুক্ৰবাৰে গোলাঘাট এন চি চি ত অনুষ্ঠিত কাৰ্যসূচীত গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকা, কেন্দ্ৰীয় বিদ্যালয় সংগঠন, গুৱাহাটী ক্ষেত্ৰীয় কাৰ্যালয়ৰ উপায়ুক্ত বৰুণ মিত্ৰকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

ইয়াৰ পিছতে নৱ নিৰ্মিত বিদ্যালয় চৌহদত অনুষ্ঠিত উদ্ঘাটন সমাৰোহত গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকা মুখ্য অতিথিৰূপে ভাগ লৈ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিদ্যালয়ৰ অৱদানৰ বিষয়ে উল্লেখ কৰে৷

কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ প্ৰতিনিধি হিচাপে উপস্থিত থকি বৰুণ মিত্ৰই ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় চৌহদত ৰোপণ কৰা গছপুলিবোৰৰ প্ৰতিপালনৰ দায়িত্ব লৈ পৰিৱেশ উন্নয়নৰ প্ৰতি আহ্বান জনায়৷

এই সমাৰোহত ছাত্ৰী ছাত্ৰীসকলে তিৱা নৃত্য, বিহু নৃত্য আদি সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে৷ অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ অধ্যক্ষ ৰবি শংকৰ খাখলাৰীয়ে শলাগৰ শৰাই আগবঢ়ায়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here