বিস্ময় বৃক্ষ আৰু এখন বিদ্যালয়ৰ ছাত্র-ছাত্ৰী

0
14

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং, ১২ অক্টোবৰঃ শিৱসাগৰ জিলাৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান বেতবাৰী জাতীয় বিদ্যাপীঠৰ উচ্চ শাখাৰ প্ৰায় ৪৫ জনীয়াছাত্ৰ-ছাত্ৰীৰ এটা দলে শাৰীৰিক, মানসিক, আৰু বৌদ্ধিক বিকাশ তথা পৰিৱেশ সজাগতা মূলক এক ব্যতিক্ৰমী কাৰ্য্য সূচী অনুষ্ঠিত কৰে ।

১০ অক্টোবৰৰ পুৱা ৯. ৩০ বজাত বিদ্যালয়ৰ প্ৰঙ্গণৰ পৰা বিদ্যালয়ৰ শিক্ষক ৰিদিপ বৰুৱাৰ নেতৃত্বত , জ‍্যেষ্ঠ শিক্ষয়িত্ৰী ৰাখী চেতিয়া, প্ৰণীতা দত্ত, আব্দুল কৰিম গীতালি চিৰিং, পৰিস্মৃতা গগৈ, আৰু মানশী গগৈৰ তত্ত্বাৱধানত প্ৰয় ৮ কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰি ঐতিহাসিক বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা স্থলীত উপস্থিত হয় গৈ।

বাখৰ বেঙেনা পৰিদৰ্শন কৰি সকলোৱে লঘু আহাৰ গ্ৰহণ কৰাৰ পাছত এখনি মনোজ্ঞ আলোচনাচক্ৰৰ লগতে এটি অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় , শিক্ষক ৰিদিপ বৰুৱাই আঁত ধৰা আলোচনা চক্ৰত বিশিষ্ট সাহিত্যিক , নাট্যকাৰ, বুৰঞ্জীবিদ , মাহেকীয়া নীহাৰিকা আলোচনীৰ সম্পাদক জগত বৰগোহাঁই, অধিবক্তা সাংবাদিক দেৱজ্যোতি বৰুৱা আৰু শিক্ষক তথা গল্পকাৰ পংকজ শইকীয়া আৰু সাংবাদিক মুকুল বাইলুং ডাঙৰীয়া , সুকণ্ঠী গায়িকা চিকমিক বৰুৱা অতিথি হিচাপে উপস্থিত থাকে ৷

উক্ত অনুষ্ঠানত জগত বৰগোহাঁয়ে সাহিত্য চৰ্চাত পৰিৱেশ সজাগতামূলক চিন্তা সম্পৰ্কত এক সুন্দৰ বক্তৃতা প্ৰদান কৰে, ভাষণ প্ৰসংগত অধিবক্তা দেৱজ্যোতি বৰুৱাই পৰিৱেশ সজাগতামূলক চিন্তা আৰু ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য সম্পৰ্কত সুন্দৰ ব্যাখ্যা দাঙি ধৰি পৰিৱেশ সম্পৰ্কত এক ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে ৷সাংবাদিক মুকুল বাইলুং ডাঙৰীয়াই ছাত্ৰছাত্ৰীসকলৰ নৈতিক জ্ঞান আৰু দায়িত্ববোধ সম্পৰ্কত এটি সুন্দৰ বক্তৃতা প্ৰদান কৰে৷

ইয়াৰ পাছতে গল্পকাৰ পংকজ শইকীয়াৰ লগত ছাত্ৰছাত্ৰীসকলৰ মত বিনিময় আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ক্ৰমে অনন্যা কোঁৱৰ, অঞ্চুপ্ৰিয়া কোঁৱাৰ , মৃদুপবন গগৈ আৰু উদিচী বৰুৱাই গীত আৰু কবিতা পাঠকৰি অনুষ্ঠানটি মধুৰ কৰি তোলে ৷

সদৌ শেষত ছাত্ৰ-ছাত্ৰীসকলে বাখৰবেঙেনা স্থলীৰ চাৰিওফালে নিকাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে,বেতবাৰী জাতীয় বিদ্যাপীঠৰ এই মহৎ প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত যুগান্তকাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here