পানী যোগান আঁচনি বৰ্তমানে গৰু বন্ধা গোহালিলৈ পৰিণত

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজীৰ পৰা ললিত শইকীয়া, ১৪ অক্টোবৰঃ ধেমাজি জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগটো উন্নয়নৰ নামত যে এটা প্ৰকাণ্ড শূণ্য লৈ গতি কৰিছে তাৰে প্ৰমাণ হিচাপে জল জল পট পট কৈ ৰাইজে দেখিবলৈ পাইছে।

৭ বছৰ পূৰ্বেই আঁচনিটি নিৰ্মাণ কৰিছিল যদিও আজিলৈকে উক্ত পানী যোগান আঁচনি পৰা স্থানীয় ৰাইজে বিশুদ্ধ খোৱা পানী এটুপি পোৱা নাই বুলি অৱগত কৰে।

আঁচনিৰ নিৰ্বাচিত চৌহদ হাবি জংঘলে ভৰপূৰ আৰু গৃহ সমূহত গৰুৰ গোবৰ, ছাগলীৰ গোবৰেৰে ভৰপূৰ। বিদ্যুৎ সংযোগ কৰা মেচিনসমূহত ভেবেলি লতাই আবৰি থকা দেখা গ’ল।

অতি পৰিতাপৰ বিষয় যে আজি বহুদিন ধৰি ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ অচল হৈ থকা পানী যোগান আঁচনিসমূহৰ বিষয়ে সংবাদ মাধ্যমে প্ৰকাশ কৰি আহিছে যদিও আজি পৰ্যন্ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গা লৰা পৰিলক্ষিত নহ’ল।

এই সমস্যাৰ বাবে স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰাৰ লগতে সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আহ্বান জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here