অৰূপা পটঙ্গীয়া কলিতালৈ গোলাঘাট জাতীয় বিদ্যালয়ৰ বঁটা

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,১৪ অক্টোবৰঃ গোলাঘাটৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰিছে গোলাঘাট জাতীয় বিদ্যালয় বঁটা৷

পোনপ্ৰথমবাৰৰ বাবে এই বঁটা সাহিত্যিক, গোলাঘাটৰ সু সন্তান অৰূপা পটঙ্গীয়া কলিতাক প্ৰদান কৰা হ’ব বুলি বিদ্যালয় তৰফৰ পৰা জানিবলৈ দিছে৷

শিক্ষানুষ্ঠানখনে প্ৰতি বছৰে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অহা ২৭ অক্টোবৰৰ পুৱা ১০-৩০ বজাত গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ প্ৰেক্ষাগৃহত অনুস্থিত হ’ব লগা বঁটা প্ৰদান অনুস্থানত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব৷ তদুপলক্ষে ৰাইজৰ উপস্থিতি কামনা কৰিছে বিদ্যালয় পৰিয়ালে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here