গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ পৰ্যবেক্ষকৰে বর্তালাপৰ আয়োজন

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৬ অক্টোবৰঃ আগশাৰীৰ সংবাদ পৰ্যবেক্ষক  তথা  জ্যেষ্ঠ  অনলাইন সংবাদিক যশৱন্ত সিনহাই  গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিকসকলৰ সৈতে ১৮
অক্টোবৰৰ ৪ বজাত এক অনুষ্ঠানত মিলিত হ’ব।

বৰ্তমান ইণ্টাৰনেটৰ যুগত সংবাদপত্ৰ আৰু news channel ৰ  দুৰৱস্থা সম্পর্কত মত বিনিময় কৰাৰ লগতে সিনহাই অনলাইন সাংবাদিকতাৰ  ভৱিষ্যতৰ ওপৰত  বাৰ্তালাপ কৰিব।

অনলাইন সংবাদ মাধ্যমৰ লগত জড়িত হোৱাৰ পূৰ্বে সিনহাই  প্ৰখ্যাত সংবাদপত্ৰ ‘দৈনিক
জাগৰণ’, ‘অমৰ উজ্জ্বলা’ত কাম কৰিছিল।

দিল্লী নিবাসী সিনহা বেনাৰস্হিত হিন্দু বিশ্ববিদ্যালয়ৰ  সাংবাদিকতাৰ স্নাতক ।

অনুষ্ঠানত প্ৰেছ ক্লাবৰ সদস্য, বিশেষকৈ ডিজিটেল মাধ্যমৰ সাংবাদিকসকলৰ উপস্থিতি কামনা কৰা হ’ল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here