লংকাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল হৰলুকিৰ দুৰ্নীতিত ৰিটেলাৰঃ ১৮ মাহে হৰলুকি কৰি অহা ৰিৰ্টেলাৰৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৬ অক্টোবৰঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজলৈ চৰকাৰে আগবঢ়োৱা চাউল হৰলুকিৰে বিগত ১৮ মাহে লংকাৰ লস্কৰ ভালুকমাৰী সমবায় সমিতিৰ এজন ৰিৰ্টেলাৰে মুনাফা লুটি অহাৰ ঘটনাই সৰ্ম্পূণ ব্যৱস্থাটোকে চৰম প্ৰহসনত পৰিণত কৰা দেখা গৈছে।

সমবায় সমিতিখনৰ লস্কৰপথাৰ কপিলিপাৰৰ নজমুল হক নামৰ ৰিৰ্টেলাৰজনে নিয়মবৰ্হিভূতভাৱে দ্ৰৰিদ্ৰ হিতাধিকাৰীসকলৰ পৰা ৫ কিলোগ্ৰামকৈ চাউল আত্মসাৎ কৰি আহিছে।

অতি নিঃকিন লোকসকলৰ পৰা নিজ খুচিমতে এইদৰে বিগত ১৮ মাহৰপৰা লুন্ঠন চলাই অহা এইজন ৰিৰ্টেলাৰক ইয়াৰ বাবে জবাবদিহি কৰাত ওলোটাই নজমুল হক নামৰ এইজন ৰিৰ্টেলাৰেহে দাবী-ধমকি দিয়াৰ লগতে শাৰিৰীক প্ৰহাৰৰ হুমকি দিয়ে।

ইফালে হিতাধিকাৰী প্ৰাপ্য সামগ্ৰী এনেদৰে দীৰ্ঘদিন ধৰি আত্মসাৎ কৰি অহাৰ কথা জানিব পাৰি এগৰাকী বৃদ্ধলোকে সাংবাদিকৰ কেমেৰাৰ সন্মুখত উচুপি উচুপি ৰিটেলাৰজনে কৰি অহা ব্যৱহাৰ আৰু কুকাণ্ডৰ কথা সদৰী কৰে৷ ইতিমধ্যে এইজন ৰিৰ্টেলাৰৰ বিৰুদ্ধে হালিমা বেগম নামৰ মহিলাগৰাকীয়ে লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here