উজনীমূৱা বি জি এক্সপ্ৰেছত অঘটন

0
13

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৭ অক্টোবৰঃ গৰ্ভৱতী এগৰাকী মহিলাই এজন যুৱকৰ কাষত খালি হৈ থকা আসন বহিবৰ বাবে বিচৰাক কেন্দ্ৰ কৰি চলন্ত ৰে’ল গাড়ীতেই প্ৰথমে কাজিয়াৰ সূত্ৰপাত।

পিছত যুৱকজনে লগৰ ১৫/২০ জন যুৱকক লংকা ৰে’ল ষ্টেচনলৈ মতাই আনি ৰে’ল ৰখাওতেই উত্তম মাধ্যম সোধাই গৰ্ভবতী মহিলাগৰাকীৰ লগতে তেওঁৰ লগত অহা দুই ভাতৃ-ভগ্নী আৰু শিশুটিক ।

পিছত লংকা ৰে’ল আৰক্ষীয়ে ৰে’লৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে গৰ্ভবতী মহিলাগৰাকী সহ তেওঁৰ লগত অহা পৰিয়ালটোক ।

লগতে আটক কৰে যুৱক আনন্দ দাসক। আনন্দ দাসৰ ঘৰ লংকাৰ এজাৰবাড়ীত ।

আনহাতে ঘটনাস্হলীৰ পলায়ন কৰে উদন্ত যুৱককেইজনে ।

মহিলাগৰাকী কামপুৰৰ পৰা ডিমাপুৰলৈ পৰিয়ালৰ সতে ৰে’ল যোগে যাবলৈ কামপুৰ ৰে’ল ষ্টেচনৰ পৰা উঠিছিল ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here