অজগৰ সৰ্প ধৃত

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া, ১৭ অক্টোবৰঃ ধেমাজি জিলা কুমতিয়া দলংৰ কাষত এটা অজগৰ সৰ্প ৰাইজৰ হাতত কৰায়ত্ব হৈছে।উক্ত অজগৰটো প্ৰায় ২০/৩০ কেজি ওজনৰ হ’ব বুলি অনুমান কৰিব পাৰি ।

স্থানীয় ৰাইজৰ অভিযোগ, এচাম অসাধু লোকে বনাঞ্চল কাটি ধ্বংস কৰাৰ ফলত জীৱ জন্তুবিলাক সেই স্থানৰ পৰা জনাঞ্চল লৈ আহিব লগা হৈছে।আৰু তেনে ব্যক্তিসকলক উচিত শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনাইছে স্থানীয় লোকে।

উক্ত স্থানত বৰ্তমানে বৰদলনি আৰক্ষী চকীৰ লোকসকল উপস্থিত হয় যদিও বাতৰি সংগ্ৰহ কৰা সময়ৰলৈকে ধেমাজি জিলা বন বিভাগৰ লোক উপস্থিত হোৱা নাই ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here