মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্হাক গতোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত মধ্যহ্ন ভোজন কৰ্মচাৰীৰঃ শিক্ষা মন্ত্ৰী হায় হায় ধ্বনিৰে উত্তাল সৰ্বাশিক্ষাৰ কাৰ্যালয় চৌহদ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৮ অক্টোবৰঃ মধ্যাহ্ন ভোজন আঁচনিখন বেচৰকাৰী সংস্হাক গতোৱাৰ সিদ্ধান্তক লৈ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্হাই ১৭ অক্টোবৰ মহানগৰীৰ কাহিলী পাৰাৰ ৰাজপথ বন্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

কাহিলীপাৰাৰ সৰ্বাশিক্ষাৰ কাৰ্যালয়ৰ সন্মুখত ৰাজপথত বহি ৰান্ধনী কৰ্মচাৰীসকলে প্ৰতিবাদ কৰা দেখা গ’ল৷

প্ৰতিবাদ স্হলীৰ পৰা শিক্ষা মন্ত্ৰী হায় হায় ধ্বনি দি চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ সকীয়াই দিয়ে৷

বিগত কেইবছৰ ধৰি অসমৰ প্ৰতিখন জিলাৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে মাহিলি এহেজাৰ টকা বেতনৰে নিজৰ দায়িত্ব পালন কৰি আহিছিল ৷

কণ কণ শিশুসকলৰ দুপৰীয়াৰ আহাৰ সাজ বনোৱাৰ বাবদ মাহেকীয়াভাৱে লাভ কৰিছিল এহেজাৰ টকা৷ সেই এহেজাৰ টকাৰে বহুতে নিজৰ ঘৰ চলাইছিল৷

চৰকাৰৰ এনেকুৱা হঠকাৰী সিদ্ধান্তৰ বাবে কৰ্মচাৰীসকল শোকত ভাগী পৰিছে৷ বহু দূৰ দূৰণীৰ পৰা অহা কৰ্মচাৰীসকলে জানিবলৈ দিয়ে যে তেওঁলোকে দুই তিনিমাহ ধৰি নিজৰ প্ৰাপ্য দৰমহা পোৱা নাই ৷

ইয়াৰ পিছতে ৰাজ্যৰ শিক্ষা বিভাগে মধ্যাহ্ন ভোজনৰ দায়িত্ব ব্যক্তিগত এন জি অ’ক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

ইয়াতে খৰ্গহস্ত হৈ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ৰাজপথ বন্ধ, প্ৰতিবাদ সাব্যস্ত কৰে৷

তেওঁলোকৰ এটাই দাবী চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণত মানি নলয়৷

ৰাজপথৰ পৰা ৰাজ্য চৰকাৰ হুচিয়াৰ, ‘শিক্ষামন্ত্ৰী হায় হায়, এন জি অ’ হুচিয়াৰ’ ধ্বনি দি প্ৰতিবাদ স্হলী উত্তাল কৰি তোলে৷

চৰকাৰ তথা শিক্ষা বিভাগক এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷

অন্যথা ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈও কুন্ঠাবোধ নকৰে বুলি মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ সকীয়নি চৰকাৰলৈ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here