গীতা নগৰ মহাকাল মহাভৈৰবী মন্দিৰৰ ৰুপালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২১ অক্টোবৰঃ বৃহত্তৰ গীতানগৰ মহাকাল মহাভৈৰব মন্দিৰ নিৰ্মাণ পৰিচালনা সমিতিৰ উদ্দ্যোগত অহা ২৫ অক্টোবৰৰ পৰা ২৭অক্টোবৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰুপালী জয়ন্তী উদযাপন কৰা হ’ব৷

উদযাপন সমিতিৰ সভাপতি নৱ কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক দুৰ্লভ শৰ্মাই জানিবলৈ দিয়া অনুসৰি ২৫ অক্টোবৰ পুৱা ৯ বজাত ধৰ্ম পতকা উত্তোলন কৰিব সভাপতি নৱ কুমাৰ শৰ্মাই ৷

৯ ‘১৫ বজাত বন্তি প্ৰজ্বালন ৷ প্ৰজ্বলক সমাজ কৰ্মী অনিৰ্বান চৌধুৰী ৷ ১০ বৃক্ষৰোপণ ১১ বজাত মহিলাৰ দিহা নাম প্ৰতিযোগিতা৷

সন্ধিয়া সাংস্কৃতিক সন্ধিয়া ৷ ২৬ অক্টোবৰত ৮ ‘৩০ ভেশচন প্ৰতিযোগিতা।

১০ বজাত খেল ধেমালি ’দিনৰ ২বজাত সম্বৰ্ধনা আৰু সদস্য সন্মিলন ’৩বজাত স্মৃতিগ্ৰন্থ উন্মোচন’ ৪বজাত আধুনিক নৃত্য প্ৰতিযোগিতা৷

২৭অক্টোবৰত ধৰ্মীয় শোভাযাত্ৰা ৷শুভাৰম্ভ কৰিব সমাজকৰ্মী দুৰ্গা প্ৰসাদ ডেকাই ৷

১০বজাত চিএাংকন প্ৰতিযোগিতা ’৩ বজাত ধৰ্মলোচনা সভা ৷ আলোচক কামৰুপ একাডেমিৰ প্ৰাক্তন অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মা আৰু সংকৃত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৃপেন্দ্ৰ নাথ শৰ্মা৷

সন্ধিয়া ৬ বজাত দীপান্বিতা ’ বন্তি প্ৰজ্বলন, ৭ বজাত মহিলাৰ দ্বাৰা কালি লোকগীতৰ নাম ৷

উল্লেখ্য যে অনুষ্ঠানত অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা উপস্হিত থাকিব ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here