গুৱাহাটীত আৰ্লিচাল্ডহুড ৰাষ্ট্ৰীয় সন্মিলন-বঁটা প্ৰদান ২০১৯ অনুষ্ঠান

0
18

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা, ২১ অক্টোবৰঃ আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰাম চমুকৈ ইচিডি এফৰ উদ্যোগত আজি মহানগৰ নেডফি হাউছ প্ৰেক্ষাগৃহত উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন প্ৰাক্-শৈশৱ শিক্ষা সন্মিলন অনুষ্ঠান অনুষ্ঠিত হয়৷

আজিৰ শিশু কালিৰ ভবিষ্যত নৱ প্ৰজন্মৰ সৃষ্টিত শীৰ্ষক মূল বিষয় বস্তু হিচাপে লৈ আয়োজন কৰা এই সন্মিলনৰ সৈতে সংগতি ৰাখি পিনাকল এডুকেচন এৱাৰ্ড ২০১৯ ৰো আয়োজন কৰা হয়৷ শিশু আৰু মহিলা কল্যাণৰ বাবে গঠন কৰা ডি এন আচৰ্য্য ফাউণ্ডেচনৰ এক অভিন্ন অশং এই আৰ্লি চাইল্ডহুড ডেভেলপমেণ্ট ফৰামৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মানব অধিকাৰ আয়োগৰ সদস্য ড° দ্যনেশ্বৰ মনোহৰ মূলে৷

উল্লেখযোগ্য যে আৰ্লিচাল্ডহুড ৰাষ্ট্ৰীয় সন্মিলন আৰু বঁটা প্ৰদান অনুষ্ঠানত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ অহা ১৮ গৰাকীতকৈ বক্তা উপস্থিত থাকে ৷

শিশু শিক্ষাৰ জড়িত লোকৰ পৰা আৰম্ভ কৰি’ বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ শিক্ষা উদ্যোগী চিকিৎসকে ধৰি ভালেসংখ্যক গণ্যমান্য লোকে অংশ গ্ৰহণ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here