প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ২১ অক্টোবৰঃ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত বাহিপুখুৰীৰ ১২ নং লাইনৰ পথত আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত আজি পুৱা প্ৰায় ৭ মান বজাত ১০ বেগ গাঞ্জাসহ দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰে।
আৰক্ষী সূত্ৰে প্ৰকাশ যে, AS01 DP3630 নম্বৰৰ বগা ৰঙৰ বলেৰো গাড়ীখনত অৰুণাচলৰ পৰা ওদালগুৰি অভিমুখে গাঞ্জাখিনি আনি থকাৰ সময়তে আৰক্ষীয়ে নিয়মীয়া তালাচীত আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে উক্ত গাঞ্জাখিনিৰ ওজন ৫০ কেজি হ’ব বুলি জানিবৈল দিয়াৰ লগতে ইয়াৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় পাঁচ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে।
আটক কৰা ব্যক্তি দুজন ওদালগুৰি জিলাৰ ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ভয়ৰাবাৰী গাঁৱৰ ঘনকান্ত ৰাভাৰ পুত্ৰ প্ৰাণজিৎ ৰাভা (৩০) আৰু খৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভোলাগুৰি গাঁৱৰ ভূৱন ৰাভাৰ পুত্ৰ পুতুল ৰাভা (২৪) বুলি জানিব পৰা গৈছে।
বৰ্তমান মাজবাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।