গুৱাহাটী প্ৰেছ ক্লাবৰ  বাৰ্তালাপ  অনুষ্ঠানত  ফৰাচী সাংবাদিক ফ্ৰাঁছোইছ গতিয়েৰ

0
30

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২২ অক্টোবৰঃ ভাৰতত কৰ্মৰত ফৰাচী  সাংবাদিক ফ্ৰাঁছোইছ গতিয়েৰে  অহা শনিবাৰে(২৬ অক্টোবৰ) চাৰি বজাত গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিকৰে এক  বার্তালাপ অনুষ্ঠানত  মিলিত হ’ব।

উল্লেখযোগ্য যে, ১৯৫০ চনত পেৰিচত জন্ম গ্ৰহণ কৰা গতিয়েৰে ১৯ বছৰ বয়সতে ভাৰতলৈ আহিছিল।

প্ৰথম অৱস্থাত তেওঁ  পেৰিছৰ কেইবাখনো সংবাদ পত্ৰত কাম  কৰাৰ লগতে হিন্দুত্ববাদ, ভাৰতৰ ইতিহাস আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি সম্পৰ্কত  অধ্যয়ন  কৰে।

গতিয়েৰে পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসন,  উগ্ৰ ইছলাম আৰু খ্ৰীষ্টান মিছনেৰী সকলৰ  পৰা হিন্দুধৰ্মলৈ সংকট অহা বুলি  ধাৰণা  কৰে। 

অনুষ্ঠানত প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিকসকলৰ উপস্থিতি কামনা কৰা হ’ল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here