আজাদ হিন্দ ফৌজৰ অৱদানক সশ্ৰদ্ধ স্মৰণ

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২২ অক্টোবৰঃ সাংবাদ দাতা,মনীষা শৰ্মা, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সোণালী অধ্যয়ক সমৃদ্ধ কৰা নেতাজী সুভাষচন্দ্ৰ বসুৰ ‘আজাদ হিন্দ ফৌজ’ বা ‘ইণ্ডিয়ান নেশ্যনেল আৰ্মি’(আই এন এ) ৰ প্ৰতিগৰাকী সৈনিকক আজি শ্ৰদ্ধাৰে স্মৰণ কৰে ‘অল ইণ্ডিয়া পে্ট্ৰিয়টিক ফ’ৰাম’(এ আই পি এফ)ৰ অসম শাখাই ৷

‘আজাদ হিন্দ প্ৰতিষ্ঠা দিৱস’(২১ অক্টোবৰ) উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সভাত বিভিন্ন বক্তাই দেশৰ স্বাধীনতাৰ বাবে নেতাজী আৰু ‘আই এন এ’ৰ গুৰুত্বপূৰ্ণ সংগ্ৰামৰ নানা দিশত আলোকপাত কৰে ৷

সভাই সৰ্বসন্মতিক্ৰমে ২১ অক্টোবৰৰ দিনটো ‘দেশপ্ৰেম দিৱস’ হিচাপে পালন কৰাৰ পোষকতা কৰে৷ লগতে বাৰ্মা(ম্যানমাৰ)ত থকা নেতাজী আৰু ‘আই এন এ’ সম্পৰ্কীয় সকলো স্মাৰক সংৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷

তদুপৰি সভাই ‘আইএনএ’ৰ সৈনিকসকলৰ সম্পূৰ্ণ তালিকা প্ৰস্তুত , নেতাজী আৰু ‘আইএনএ’ সম্পৰ্কীয় তথ্যমূলক পুথি প্ৰকাশৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে ৷

ৰূপম বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বক্তব্য দাঙি ধৰে পদ্মশ্ৰী অজয় দত্ত , সুভাষ গোস্বামী , জহৰলাল সাহা , কমল দত্ত , প্ৰাণতোষ ৰায় , ডঃ জগদীন্দ্ৰ ৰায়চৌধুৰী , কৈলাশ শৰ্মা , নৱ ঠাকুৰীয়া , সৌম্যদ্বীপ দত্ত , কৃষ্ণ বৰুৱা , পাৰ্থিব ধৰ , ৰাজীব দাস আদি বিশিষ্ট ব্যক্তিয়ে

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here