লংকাত ৪জন ছাত্ৰ-ছাত্ৰীৰে চলি আছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ঃ ৪ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই ৩ জনকৈ শিক্ষকে

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৩ অক্টোবৰঃ হোজাই জিলাৰ লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ এখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৪জন।

শিক্ষকৰ সংখ্যা ৩জন।

লংকাৰ ১নং কাকী ৰসৰাজ বেজবৰুৱা প্ৰাথমিক বিদ্যালয় এইখন।

১৯৭৯ চনত স্থাপিত বিদ্যালয়খনত দ্বিতীয় শ্ৰেণীত ১জন,চতুৰ্থ শ্ৰেণীত ১জন আৰু পঞ্চম মান শ্ৰেণীত দুগৰাকী ছাত্ৰী সহ সৰ্বমুঠ ৪জন ছাত্ৰ-ছাত্ৰীৰে বিদ্যালয়খন চলি আছে।

এই ৪জন ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিবলৈ বিদ্যালয়খনত নিযুক্ত হৈ আছে ৩জনকৈ শিক্ষক।

য’ত চৰকাৰী নিয়মনুযায়ী প্ৰতি ৩০জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এখন প্ৰাথমিক বিদ্যালয়ত ১জন শিক্ষক নিযুক্ত হৈ থাকিব লাগে।কিন্তু এইখন বিদ্যালয়ত প্ৰতি ১জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১সমষ্ট ১/৩ জনকৈ শিক্ষক নিয়োজিত হৈ আছে।

যিসময়ত ৰাজ্যখনৰ বিভিন্ন বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে বা ছাত্ৰ-ছাত্ৰীৰ অনুপাতে বহু বিদ্যালয়ত শিক্ষকৰ অভাৱ হৈ আছে তেনে সময়তে লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ এইখন প্ৰাথমিক বিদ্যালয়ত দৃষ্টিকটুভাৱে ৩জনকৈ শিক্ষক নিযুক্ত হৈ থকা বিষয়টোৱে শিক্ষা ব্যৱস্থাৰ নীতিসমূহ প্ৰকৃততে কিমানদুৰ ৰূপায়িত হৈছে তাকলৈয়ো প্ৰশ্ন উত্থাপিত কৰিছে।

ইপিনে,চৰকাৰী বিদ্যালয়ত অভিভাৱকে ল’ৰা-ছোৱালীক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত অনীহা প্ৰকাশৰ বাবেই দিনক দিনে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শ্মশান যাত্ৰাৰ বাবে দোষাৰোপ কৰে স্থানীয় ৰাইজে।

এইক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্যই চৰকাৰী শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিবলৈ কেনেধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলে বুলিও প্ৰশ্ন উথ্বাপিত হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here