ৰাইজে মুখ নেদেখা এজন বিধায়ক আৰু উন্নয়নৰ বেদনাদায়ক নমুনা

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২৩ অক্টোবৰঃ এজন বিধায়ক আৰু এজাক চহা গাৱঁলীয়া লোক, চহা গাৱঁলীয়া লোকসকলে নাজানে বিধায়কৰ নাম, নিৰ্বাচনৰ পূৰ্বে দেখিছিল হেনো বিধায়কক কিন্তু তাৰ পিছত সপোনতো নেদেখা হ’ল বিধায়কজনক, কিন্তু এই বিধায়ক জননো কোন?

হয়, ১১৩নং বিধান সভা সমষ্টিৰ ধেমাজিৰ বিধায়ক ৰনোজ পেগুৰ কথাকে ক’ব বিছাৰিছো, বিধায়কজনৰ নিজ সমষ্টিৰ উন্নয়ৰ কথা ক’লে আচৰিত হ’বলগীয়া, বিগত কেইবাদিন ধৰি আমাৰ সাংবাদিকে ধেমাজিৰ গ্ৰাম্য অঞ্চলত চলাইছিল চৰজমিন তদন্ত এই তদন্ততে ওলাই পৰিল ধেমাজিৰ উন্নয়নৰ প্ৰকৃত ছবিখন,উন্নয়নৰ নামত বৃহৎ শূন্যৰ এখন জীয়া ছবি।

এই দৃশ্য বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ মুকুলবাৰী গাঁৱৰ, স্বাধীনতাৰ সত্তৰ বছৰ পিছতো উন্নয়নৰ মুখ নেদেখিলে মুকুলবাৰীৰ এইসকল গাওঁবাসীয়ে।

ষাঠি বছৰে এখন থৰক বৰক বাহঁৰ দলঙেৰে কৰিছে যাতায়ত, বাৰিষা খৰালি একেই সকলো সময়তে কেৱল নাৰকীয় জাতনা ভোগে এইসকল গাৱঁলীয়া জনতাই, এখন ভগা দলঙেই একমাত্ৰ ভৰসা এই গাওঁবাসীৰ।

বিদ্যালয়লৈ অহা যোৱা কৰা, ৰোগীক চিকিৎসালয়লৈ নিয়াত কেনেদৰে সংগ্ৰাম কৰিব লাগে সেয়া নিজ চকুৰে নেদেখিলে বিশ্বাস কৰাই টান।

চাহ জন-জাতি লোক বাস কৰা এই অঞ্চলৰ সাধাৰণ লোকসকলে নাজানে উন্নয়নৰ কথা, নাজানে উন্নয়ন কৰিবলৈ কি কৰিব লাগে, কিন্তু তেওঁলোকে চৰকাৰক কেৱল মিনতিহে কৰি আহিছে অতো বছৰে, তেওঁলোকক এখন দলং লাগে……।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here