দিপাৱলী উপলক্ষে ছনীয়ে মুকলি কৰিলে কনজিউমাৰ অফাৰ

0
19

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৩ অক্টোবৰঃ দেশৰ আগশাৰীৰ ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মতা প্ৰতিষ্ঠান ছনীয়ে দিপাৱলী উপলক্ষে গ্ৰাহকৰ বাবে মুকলি কৰিলে বিশেষ ৰেহায় মুল্যৰ উপহাৰ ৷

আজি মহানগৰীৰ তাজ ভিভান্তাত অনুষ্ঠিত এক সংবাদ মেলত প্ৰতিষ্ঠানটোৰ পৰিচালন সন্সালক চুনিল নায়ৰে কনজিউমাৰ -ফাইনেন্স মুকলি কৰা বুলি ঘোষণা কৰে৷

তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলত ছনীয়ে ১.৬০ কৌটি টকাৰ বছৰি ব্যৱসায় কৰি আহিছে ৷

ইয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চল অতি গুৰুত্বপুৰ্ণ ব্যৱসায়ীক স্হান ছনীৰ বাবে৷ ইয়াৰ বাবে গ্ৰাহকসকলে ছনীৰ বিভিন্ন সমগ্ৰী দিপাৱলীৰ সময়ত অফাৰৰ লগত ফাইনেন্সৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।

তেওঁ লগতে কয় ছনী ইণ্ডিয়া হৈছে দেশৰ অন্যতম অগ্ৰনী কনজিউমাৰ ইলেক্ট্ৰনিক ব্ৰেণ্ড যিয়ে শেহতীয়া প্ৰযুক্তিৰ জৰিয়তে প্ৰিমিয়াম অভিজ্ঞতা ডিজিটেল ধাৰণা আৰু উৎকৃষ্ট আফটাৰ চেল চাৰ্ভিছ প্ৰদান কৰা বাবে ইতিমধ্যে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

ভাৰতত ১২০০তকৈও অধিক ডীলাৰ আৰু ডীষ্ট্ৰিবিউটৰ ২১০ খন এক্সিক্লুচিভ ছনী আউটলেটৰ ২৪ টা শাখা স্হানৰ বিতৰক নেটৱৰ্কৰ জৰিয়তে স্হিতি সবল কৰি ব্যৱসায়ী পৰিসৰ বৃদ্ধি কৰা বুলি তেওঁ উল্লেখ কৰে৷

উল্লেখযোগ্য যে সংবাদ মেলখনত উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালক অভিজিত কন্জু উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here