সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২৪ অক্টোবৰঃ সদৌ অসম ছাত্ৰ সন্হাৰ জোনাই সাধাৰণ সভাৰ প্ৰথম দিনাৰ কাৰ্যসূচী ২৩ অক্টোবৰত শুভাৰম্ভ হয়। এই সভাত অসমৰ বিভিন্ন জিলাৰ তথা আঞ্চলিকৰ কাৰ্যকৰ্তাসকলে প্ৰতিনিধিত্ব কৰিছে ।

উক্ত সভাত বিভিন্ন জাতীয়-জনজাতীয় সকলো লোকৰ সমাগম দেখা পোৱা গৈছে।

আনহাতে ধেমাজি জিলা ছাত্ৰ-সন্হাৰ সম্পাদক দীপক শৰ্মাৰ পৰা জানিব পৰা গৈছে যে ধেমাজি জিলাৰ যি মূল সমস্যাসমূহ -বৃহৎ নদীবান্ধ সমস্যা, গড়া খহনীয়া সমস্যা লগতে পবাষক ৰাষ্ট্ৰীয় অভয়া অৰণ্য হিচাপে ঘোষণা কৰা ।

এই প্ৰতিনিধি সভাৰ জৰিয়তে এই সমস্যাসমূহ সমাধান কৰা বাবে প্ৰস্তাৱ হাতত লৈছে।

উল্লেখ্য যে এই সভাত মূল তোৰণ, মূল মঞ্চ, গ্ৰন্থ মেলা আৰু খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ বেদী লগতে মূৰংঘৰ মুকলি কৰা দেখা পোৱা গৈছে।জানিব পৰা গৈছে এই সভাখন চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here