ভ্ৰাম্যমান নাট্য জগতৰ বলিষ্ঠ অভিনেতা দিলীপ ৰঞ্জন দত্তৰ দেহাৱসানঃ দল সংগঠনৰ শোক প্ৰকাশ

0
9

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস, ২৫ অক্টোবৰঃ সুকীয়া অভিনয় শৈলীৰে ভ্ৰাম্যমানৰ মঞ্চ কঁপাই তোলা বলিষ্ঠ অভিনেতা তথা গোলাঘাট সুসন্তান দিলীপ ৰঞ্জন দত্ত আৰু নাই৷

বিগত তিনিটা বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা দত্ত বুধবাৰে যোৰহাট মিচন হস্পিতেলত ৫৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷

অভিনয়কে জীৱনৰ ব্ৰত হিচাপে লোৱা দত্তই কৈশোৰ অৱস্থাৰ পৰা নাটকৰ সৈতে জড়িত হৈ পৰে৷

পৰৱৰ্তী সময়ত নাটকতে একাত্ম হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একাধিক ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ লগত জড়িত হৈ যাদুকৰি অভিনয়েৰে দৰ্শকক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হয়৷

বিশিষ্ট অভিনেতাজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰে৷

ঢেকিয়ালৰ এলেংমূৰীয়াৰ নিবাসী তথা ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ৰত্নেশ্বৰ দত্ত আৰু লক্ষিমী দত্তৰ পুত্ৰ দিলীপ ৰঞ্জনৰ জন্ম হৈছিল ১৯৬০ চনত৷

ঢেকিয়াল প্ৰাথমিক বিদ্যালত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা দত্তই ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা আৰু গুৱাহাটীৰ বি বৰুৱা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷

দত্ত অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী কহিনুৰ, আৱাহন, ভাগ্যদেৱী, হেঙুল, শ্ৰীমন্ত শংকৰদেৱ, অলকানন্দা, ৰামধেনু, মেঘদূত, মুকুন্দ, অপ্সৰা আদিৰ সৈতে জড়িত হৈ নিজস্ব প্ৰতিভাৰে খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷

ৰঞ্জন দত্ত অভিনীত কাৰাগাৰৰ বাঘ, নাগকন্যা, সাগৰলৈ বহু দূৰ, পৰমানন্দ, টাইটানিক, হাইজেক, নাথুৰাম গডছে, কাঞ্চন, বেণ্ডিত কুইন আদি নাটক উল্লেখযোগ্য৷

কোলাহল আৰু জেতুকা পাতৰ দৰে দুখন বোলছবিতো অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷

ইয়াৰ উপৰি মইনাজান, উঃ কি বিপদ আদি ভিচিডিত অভিনয় কৰাৰ লগতে গুৱাহাটী দূৰদৰ্শনত প্ৰচাৰিত ধাৰাবাহিকত অভিনয়ৰ যোগেদি দৰ্শকৰ মনত চিৰসেউজ অভিনেতা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল৷

তেওঁ অভিনয় জগতলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে এনাজৰী বঁটা, ডাঃ উপেন কাকতি শিল্পী বঁটা, মুনলাইট মিডিয়া বঁটা আৰু চলিত বৰ্ষৰ মে’ মাহত ঢেকিয়ালৰ পদাতিক নাট্য গোষ্ঠীয়ে মঞ্চ গৌৰৱঃ অসম উপাধিৰে বিভূষিত কৰে৷

অভিনেতাগৰাকীয়ে মৃত্যুৰ সময়ত মাতৃ, পত্নী, পুত্ৰ বোৱাৰীসহ বহু আত্মীয়-স্বজনক এৰি গৈছে৷

দত্তৰ মৃত্যুত ব্যক্তি, দল সংগঠন তথা বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here