গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন ‘অৱদান’

0
12

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা,২৫ অক্টোবৰঃ অসমীয়া ভাষা সাহিত্যলৈ বাপ্টিষ্ট মিছনেৰীসকলৰ অৱদান অতুলনীয়।

অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত অৰুণোদয় আলোচনীৰ জৰিয়তে বাপ্টিষ্টসকলে যি পদক্ষেপ গ্ৰহণ কৰিছিল তাক অসমীয়া সমাজে কেতিয়াও পাহৰিব নোৱাৰে।

আনহাতে অসমীয়া ভাষা কেৱল মাত্ৰ মাতৃভাষা নহয় ই হৈছে আমাৰ সভ্যতা, সংস্কৃতি এই কথা আজি এক গ্ৰন্থ উন্মোচনী সভাত ব্যক্ত কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে।

উল্লেখযোগ্য যে ১৮৪৫ চনৰ ২৫ জানুৱাৰীত নাথান ব্ৰাউন, মাইলছ ব্ৰনছন আৰু ছাইৰাচ বাৰ্কাৰে শিৱসাগৰ, গুৱাহাটী আৰু নগাঁওত প্ৰতিষ্ঠা কৰা বাপ্তিষ্ট মণ্ডলীৰ ১৭৫ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান উপলক্ষে ২৫ অক্টোবৰ শুক্ৰবাৰে গুৱাহাটীৰ বাপ্তিষ্টসকলে বৰ্ষপূতি অনুষ্ঠান ৰূপায়ন কৰিব।

অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৪ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাৱত লিখক তথা পালক আজিজুল হকৰ ‘অৱদান’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দয়ানন্দ পাঠক আৰু অসম শিল্পী সন্মিলনৰ সচিব কৈলাশ শৰ্মা।

নিজৰ ভাষণ প্ৰসংগত ডঃ পাঠকে অৰুণোদয় যুগৰ ভাষা সাহিত্যৰ লগতে অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ওপৰতো বক্তব্য ৰাখে।

আনহাতে লিখকৰ ভাষণ প্ৰসংগত পালক হকে কয় যে ১৮৩৬ চনত অসমৰ পৰা অসমীয়া ভাষা আঁতৰাই বাংলা ভাষা প্ৰৱৰ্তন কৰাৰ পিছত অসমত যি পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু পৰৱৰ্তী সময়ত অসমীয়া ভাষা পুনৰ উদ্ধাৰৰ হেতু বাপ্তিষ্টসকলে যি অৱদান আগবঢ়ালে লগতে অসমীয়া ভাষাক যি এক মাত্ৰা প্ৰদান কৰিলে সেই কথাক সন্মান জনাই গ্ৰন্থখনৰ নাম ‘অৱদান’ ৰখা হ’ল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here