লংকাৰ কাকীত বন বিভাগৰ অভিযানত প্ৰায় ডেৰ লক্ষাধিক টকাৰ চোৰাং চেগুন কাঠ জব্দ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৫ অৰ্টোবৰঃ লংকাৰ কাকী আঞ্চলিক বনবিভাগ আৰু কাকী আৰক্ষীৰ যৌথ অভিযানত আজি কাকী টিলাবজাৰ ইছলামপুৰৰ পৰা প্ৰায় এশ কেবি চেগুনৰ কুণ্ডা জব্দ কৰা হয় ।

জব্দ হোৱা চেগুনৰ কুণ্ডাৰ মূল্য প্ৰায় ডেৰলক্ষাধিক টকাৰ হ’ব বুলি বনবিভাগে জানিবলৈ দিয়ে৷

উল্লেখ্য যে তিনিটা অবৈধ কাঠফলা মিলৰ পৰা জব্দ কৰে কাঠখিনি।

অন্যহাতে কাকী আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত বৃহত্তৰ কাকী অঞ্চলত অবৈধ শিল বালিৰো বেহা অব্যাহত আছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্হা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here