ব্যক্তি আৰু ব্যক্তিসত্বাৰ আৱৰ্তত ড° বুদ্ধিন্দ্র বৰুৱা

0
48
সাহিত্য

                                                                             -ড° বুলজিৎ বুঢ়াগোহাঁই

ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তথা ধেমাজি জিলাৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ সৈতে জড়িত মোৰ শিক্ষাগুৰু বহুমুখী ব্যক্তিত্বসম্পন্ন ব্যক্তি ড° বুদ্ধিন্দ্র বৰুৱা ছাৰৰ জীৱন বিষয়ত আলোকপাত কৰি উলিওৱা অভিনন্দন গ্রন্থ ‘ব্যক্তি আৰু ব্যক্তিসত্বাৰ আৱৰ্তত ড° বুদ্ধিন্দ্র বৰুৱা’। গ্রন্থখনৰ সম্পাদনা সমিতিৰ উপদেষ্টা হ’ল – মুহি বৰগোহাঁই, লাৱণ্য লাহন চুতীয়া, অৰুণ কুমাৰ দিহিঙ্গীয়া আৰু নিবেদিতা বড়া সন্দিকৈ, সভাপতি হ’ল- তিলেন গগৈ, সম্পাদক –হৰেন্দ্র নাথ শৰ্মা আৰু সদস্য-সদস্যাসকল হ’ল – নৱ শইকীয়া, প্রদীপ ৰঞ্জন দত্ত, যুগল সন্দিকৈ, প্রণতি দেৱী শৰ্মা, ৰিণি শইকীয়া, ভাৰতী বসুমতাৰী, কাব্যজ্যোতি বৰগোহাঁই আৰু কংকনজ্যোতি ভূঞা।এইগ্রন্থখন ড° বুদ্ধিন্দ্র বৰুৱা ছাৰৰ ৬৫তম জন্মদিনৰ লগত সংগতি ৰাখি ১ অক্টোবৰ,২০১৯তাৰিখে পৰিয়ালবৰ্গই প্রকাশ কৰিছে।

গ্রন্থখনৰ ‘পাতনি’ত নৰ্থ লখিমপুৰ কলেজৰ ড° অৰবিন্দ ৰাজখোৱাই এনেদৰে লিখিছে – ‘…আধুনিক ধেমাজিক শৈক্ষিক আৰু বৌদ্ধিক দিশত নেতৃত্ব প্রদান কৰা ডক্টৰ বুদ্ধিন্দ্র বৰুৱা ছাৰৰ শুভাকাংক্ষীসকলে এখন অভিনন্দন গ্রন্থ প্রকাশ কৰিবলৈ লোৱাৰ খবৰটো পাই আনন্দ অনুভৱ কৰিছোঁ। ভাৰতবৰ্ষৰএকেবাৰে পূব কোণত অৱস্থিত ধেমাজি জিলা বুলিলেই আন ঠাইৰ মানুহৰ মনলৈ অৱজ্ঞাৰ ভাব অহা নিজে দেখিছোঁ। চৰকাৰী সমীক্ষামতেও পিছপৰা জিলাৰ তালিকাত ধেমাজিৰ নাম থাকে। যাতায়াতৰ দুৰৱস্থা, দৰিদ্রতা, বানপানী আদিৰ বাবেহে ধেমাজি সংবাদ শীৰ্ষত থাকে। কিন্তু যোৱা প্রায় দুটামান দশকত ধেমাজিৰ জনসাধাৰণৰ আন্তৰিক চেষ্টাত ঠাইখনে দ্রুত উত্তৰণ লাভ কৰিছে। আচলতে জনসাধাৰণক নেতৃত্ব দিব পৰাকৈ যোৱা দুটা দশকত ধেমাজিয়ে লাভ কৰিছে কেইজনমান সুযোগ্য ব্যক্তিক। তেনে এজন ব্যক্তি হ’ল ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ডক্টৰ বুদ্ধিন্দ্র বৰুৱা ।…’

গ্রন্থখনৰ সম্পাদক হৰেন্দ্র নাথ শৰ্মা এনেদৰে লিখিছে ‘….ড° বুদ্ধিন্দ্র বৰুৱা হৈছে এনে এজন সুবিশাল ব্যক্তিত্বৰ গৰাকী তথা নমস্য ব্যক্তি যি ধেমাজিৰ শৈক্ষিক-সামাজিক-সাংস্কৃতিক সকলো দিশকে সমৃদ্ধিশালী কৰি তুলিছে। ধেমাজিৰ এক সম্পদ বুলি স্বীকৃতি দিব পৰা বৰুৱা ছাৰে ওৰেটো জীৱন উছৰ্গা কৰিছে সমাজ আৰু ব্যক্তিৰ বাবে। বিদ্যায়তনিক কাম-কাজৰ মাজতে সীমাবদ্ধ নাথাকি নিজকে সমাজ আৰু ব্যক্তিৰ বাবে উছৰ্গা কৰাৰ বাবেই কেৱল ছাত্র-ছাত্রীসকলৰ মাজতে ‘বৰুৱা ছাৰ’ হিচাপে তেখেত আজি পৰিচিত হৈ থকা নাই, সমগ্র সমাজখনতো তেখেতে গঢ়ি তুলিছে এক সুকীয়া পৰিচয়, এক সুকীয়া চিনাকি।….জিলাখনৰ সংস্কৃতিক বিশ্বদৰবাৰলৈ আগুৱাই নিবৰ বাবে বৰুৱা ছাৰে গ্রহণ কৰা পদক্ষেপো আদৰণীয় আৰু প্রশংসনীয়। ধেমাজি জিলাৰ চহকী সংস্কৃতিক লৈ আশাবাদী বৰুৱা ছাৰে ‘ধেমাজি উৎসৱ’ৰ দৰ এক বিশাল সাংস্কৃতিক আন্দলনো আৰম্ভ কৰে। জিলাখনৰ অপৰূপ প্রাকৃতিক সৌন্দৰ্যক পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্র হিচাপে গঢ়ি তোলাটোও বৰুৱা ছাৰৰ অন্যতম লক্ষ্য। তিনিবাৰকৈ অতি নিয়াৰি আৰু সু-পৰিকল্পিতভাৱে আয়োজন কৰা ‘ধেমাজি উৎসৱ’-এ জিলাখনৰ প্রচুৰ সম্ভাৱনীয়তাক পৰিস্ফুট কৰাত বহুলাংশে সফল হয়। বৰুৱা ছাৰৰ এনে সুদুৰপ্রসাৰী চিন্তাৰ আমি সকলোৱে নিশ্চয় শলাগ ল’ব লাগিব। …’

গ্রন্থখন তিনিটা শিতানত ভাগ কৰা হৈছে । গ্রন্থখনৰ ‘শিক্ষাগুৰু, শিক্ষাবিদ আৰু শুভাকাংক্ষীৰ দৃষ্টিত ড° বুদ্ধিন্দ্র বৰুৱা’ শিতানত থকা লেখাবোৰ হ’ল – ড° অমিয়া ৰাজবংশী আৰু ড° মুকুন্দ ৰাজবংশীৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা : শিক্ষাজগতৰ এক অন্যতম খনিকৰ’ , ড° গোপাল চন্দ্র হাজৰিকাৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা : মই যেনেকৈ জানো’ , বিপিন চুতীয়াৰ ‘ড° বুদ্ধিন্দ্র বৰুৱাৰ জীৱন পৰিক্রমাৰওপৰত দৃষ্টিপাত’ , উমেশ চেতিয়াৰ ‘অৱসৰপ্রাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্র বৰুৱা’, ড° অনিল শইকীয়াৰ ‘ধেমাজি মহাবিদ্যালয়ৰ খনিকৰ ড° বুদ্ধিন্দ্র বৰুৱা’, ডাঃ অমৰেন্দ্র গগৈৰ ‘ড° বুদ্ধিন্দ্র বৰুৱাদেৱৰ লগত সাক্ষাতৰ দুটিমান পাহৰিব নোৱাৰা মুহূৰ্ত’, তিলেন গগৈৰ ‘প্রাক্ স্নাতকৰ অন্যতম সহপাঠী বুদ্ধিন্দ্র বৰুৱা’, বিনীতা চৌধুৰী গাৰোদিয়াৰ ‘অভিনন্দন ড° বৰুৱাদেৱ’, ড° মহেন্দ্র কুমাৰ বৰগোহাঁইৰ ‘ড° বুদ্ধিন্দ্র বৰুৱাদেৱ সম্পৰ্কত একলম’, জীৱন চন্দ্র ফুকনৰ ‘ বন্ধুত্বৰ সুবাসেৰে’, লংকেশ্বৰ চিৰিঙৰ ‘বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাত ড° বুদ্ধিন্দ্র বৰুৱাৰ প্রশংসনীয় প্রচেষ্টা সম্পৰ্কত দু-আষাৰ’, ড° চৈয়দ চমচুজ জামানৰ ‘অগ্রজ বন্ধুবৰ ড° বুদ্ধিন্দ্র বৰুৱা’,মুহি বৰগোহাঁইৰ ‘সামাজিক উন্নয়নৰ দায়বদ্ধতা আৰু ড° বুদ্ধিন্দ্র বৰুৱা মানুহজন’,আনন্দৰাম বড়াৰ ‘প্রেৰণাদায়ী মানুহজন আৰু কিছু প্রত্যাশা’,ড° বুবুল কুমাৰ শইকীয়াৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা ছাৰক মই যিদৰে জানো’,ড° দীপক বৰগোহাঁইৰ ‘মই বৰুৱা চাৰক যিদৰে জানো’,ড° শিৰোমণি বৰুৱাৰ ‘ ড° বুদ্ধিন্দ্র বৰুৱাদেৱৰ সম্পৰ্কত যৎকিঞ্চিত’,ড° ৰঞ্জিত শইকীয়াৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা : এক অনন্য ব্যক্তিসত্বা’,ড° বনজিৎ ভট্ট ‘আমোলমোল ব্যক্তিত্বৰ গোন্ধ’,ড° অন্নজ্যোতি গগৈৰ ‘উভতি চাওঁ’,ড° বসন্ত মঙ্গল দত্তৰ ‘ ড° বুদ্ধিন্দ্র বৰুৱা ছাৰক মই কেনেকৈ জানো’,ড° লাৱণ্য হাজৰিকাৰ ‘ ড° বুদ্ধিন্দ্র বৰুৱা ছাৰৰ সান্নিধ্যত যৎকিঞ্চিত’,গুণকান্ত কোঁৱৰৰ ‘ড° বুদ্ধিন্দ্র বৰুৱাদেৱলৈ অভিনন্দন’,অৰুণ কুমাৰ দিহিঙ্গীয়াৰ ‘বুদ্ধিন ককাইদেউলৈ একলম’,বিমলা গগৈ গোহাঁইৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা- সান্নিধ্যৰ সুবাস’,প্রেমনাথ শৰ্মাৰ ‘ভাতৃসম ড° বুদ্ধিন্দ্র বৰুৱাক মই যিদৰে জানো’,কন্দৰ্প তামুলীৰ ‘বহুমুখী ব্যক্তিত্বসম্পন্ন ব্যক্তি ড° বুদ্ধিন্দ্র বৰুৱা ছাৰৰ সান্নিধ্যত’,ভূপেন হাজৰিকাৰ ‘বৰদলনিৰ পৰা জাপানৰ টকিঅ’লৈ বৰ্ণিল যাত্রা’, সোণমনি শইকীয়াৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা ছাৰৰ সান্নিধ্যত’,মৃদুল দত্তৰ ‘ড° বুদ্ধিন্দ্র বৰুৱাদেৱক মই চিনি পাওঁ’,প্রদীপ কুমাৰ গগৈৰ ‘ড° বুদ্ধিন্দ্র বৰুৱাৰ বিষয়ে একাষাৰ’,জোনমণিৰ হাজৰিকাৰ ‘বৰুৱা চাৰৰ বিষয়ে শ্রদ্ধাৰে একলম’,দুলাল দাসৰ ‘ ভাতৃপ্রতিম ড° বুদ্ধিন্দ্র বৰুৱা’,প্রাঞ্জল প্রতীম বড়াৰ ‘এটা ব্যক্তিত্বৰ সন্ধান’,নবীন কামানৰ ‘ এগৰাকী দক্ষ শৈক্ষিক প্রশাসক ড° বুদ্ধিন্দ্র বৰুৱা ছাৰ’,নৱ কুমাৰ শইকীয়াৰ ‘ড° বুদ্ধিন্দ্র বৰুৱাৰ জীৱনৰ পথ পৰিক্রমা’,হিৰামণি শইকীয়াৰ ‘Boruah Sir As I know’,চক্রবৰ্তী বৰগোঁহাইৰ ‘তহানিৰ প্রৱক্তাজন আৰু ধেমাজিৰ পাব্লিক স্কুল’,দুলুমণি গগৈৰ ‘মই লগপোৱা ড° বুদ্ধিন্দ্র বৰুৱা মানুহজন’,প্রদীপ ৰঞ্জন দত্তৰ ‘ আধুনিক ধেমাজি নিৰ্মাণৰ অন্যতম খনিকৰ ড° বুদ্ধিন্দ্র বৰুৱা’,তশীল চুতীয়াৰ ‘অংকৰ যাদুকৰ ড° বুদ্ধিন্দ্র বৰুৱা’,সুৰজিত বৰাৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা চাৰ : ব্যক্তিত্বই যাৰ পৰিচয়’,ড° অৰ্পণা চুতীয়াৰ ‘শ্রদ্ধাৰ বৰুৱা চাৰৰ সম্পৰ্কত মোৰ কিছু ব্যক্তিগত অভিমত’,বিজন শৰ্মাৰ ‘এক ব্যক্তিসত্ত্বা – মই যেনেদৰে জানো’,তুলাৰাম গগৈৰ ‘সময় নিষ্ঠাই আছিল বৰুৱা ছাৰৰ দ্বায়িত্ববোধ’,বন্দনা দত্ত হাজৰিকাৰ ‘এগৰাকী সফল সমাজ সংগঠক ড° বুদ্ধিন্দ্র বৰুৱা ছাৰ’,দেৱজিৎ দাসৰ ‘শ্রদ্ধাৰ ড° বুদ্ধিন্দ্র বৰুৱাদেৱৰ সম্পৰ্কে কিছু ব্যক্তিগত অনুভৱ’,ভুৱন চেতিয়াৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা ছাৰক মই যিদৰে জানো’,জীৱন কোঁৱৰৰ ‘ভোগজৰাৰ উপদেষ্টা হিচাপে বৰুৱা ছাৰ’, প্রণতি দেৱী শৰ্মাৰ ‘শ্রদ্ধাৰ বৰুৱা ছাৰক মই যেনেদৰে জানো’,

গীতাশ্রী দেউৰীৰ ‘ ড° বুদ্ধিন্দ্র বৰুৱাৰ সান্নিধ্য : কিছু অনুভৱ, কিছু উপলব্ধি’,কংকনজ্যোতি ভূঞাৰ ‘শিল্প-সাহিত্য-সংস্কৃতি সাধনাৰ অনন্য প্রতীক ড° বুদ্ধিন্দ্র বৰুৱা’,সংযুক্তা দিহিঙ্গীয়াৰ ‘Borta’-A man of inspiration’ আৰু সীমাঞ্জল নৰহৰ ‘মোৰ দৃষ্টিত ছাৰৰ মহানুভৱতা’।

গ্রন্থখনৰ ‘শিক্ষাৰ্থীৰ দৃষ্টিত ড° বুদ্ধিন্দ্র বৰুৱা’ শিতানত থকা লেখাবোৰ হ’ল –পূৰ্ণানন্দ বৰপাত্র গোঁহাইৰ ‘সান্নিধ্যৰ অনুভৱ’, হেমন্ত বৰপাত্র গোঁহাইৰ ‘শিক্ষক, সমাজ সংগঠক ড° বুদ্ধিন্দ্র বৰুৱা’,প্রদীপ কুমাৰ বৰুৱাৰ ‘ড° বৰুৱা ছাৰৰ সান্নিধ্যৰ ডুখৰীয়া ছবি’,বীৰেন চন্দ্র কোঁৱৰৰ ‘মোৰ দৃষ্টিত বৰুৱা ছাৰ’, ভৱিষ্য দিহিঙ্গীয়াৰ ‘ধেমাজিৰ উত্তৰণত ড° বৰুৱাদেৱ’, নৰেন্দ্র নাথ দত্তৰ ‘বৰুৱা ছাৰৰ সান্নিধ্যৰ সেই দিনবোৰ’, নিবেদিতা বড়া সন্দিকৈৰ ‘ড° বৰুৱা ছাৰৰ সমীপেষু’,গকুল চুতীয়াৰ ‘অক্লান্ত শিক্ষাবিদ ড° বুদ্ধিন্দ্র বৰুৱা’,গজেন চুতীয়াৰ ‘ড° বৰুৱা ছাৰৰ সান্নিধ্যত’, ডিপ্লোমা চুতীয়াৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা ছাৰলৈ অশেষ শ্রদ্ধা আৰু কৃতজ্ঞতাৰে’,ড° গৌৰীশংকৰ দাসৰ ‘ ড° বুদ্ধিন্দ্র বৰুৱা ছাৰৰ সৈতে জড়িত কিছু স্মৃতি ‘,ড° ৰুবা বুঢ়াগোঁহাইৰ ‘শ্রদ্ধাভাজনেষু ড° বৰুৱা ছাৰ’,দীপক কলিতাৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা ছাৰক মই যিদৰে জানিছিলোঁ’,বৰ্ণলী দেৱীৰ ‘সোঁৱৰণিৰ সেন্দুৰীয়া আলিয়েদি’,কনকলতা চুতীয়াৰ ‘এক প্রগতিশীল চিন্তাধাৰাৰ ব্যক্তিত্ব ড° বুদ্ধিন্দ্র বৰুৱা’,প্রিয় দত্তৰ ‘ড° বৰুৱা ছাৰৰ সান্নিধ্যত এভুমুকি’,ভাৰতী বসুমতাৰী বাঘ্রীৰ ‘মোৰ জীৱনত ড° বুদ্ধিন্দ্র বৰুৱা ছাৰৰ সান্নিধ্যৰ কিছু টুকুৰা মুহূৰ্ত’,থগেন্দ্র চুতীয়াৰ ‘ বুদ্ধিন্দ্র বৰুৱা ছাৰ : ব্যক্তি আৰু ব্যক্তিত্ব’,মাইনী চমুৱাৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা ছাৰৰ বিষয়ে একলম’,ফুনুমণি কোঁৱৰৰ ‘ সান্নিধ্যৰ এক মিঠা অনুভৱত শ্রদ্ধাৰ বৰুৱা ছাৰ’,পৰীক্ষিত শইকীয়াৰ ‘কৃতজ্ঞতাৰ একলম’,ড° বন্দিতা ফুকনৰ ‘হে গুৰু মহান গুৰু’,দীক্ষিতা বৰগোহাঁইৰ ‘পথ প্রদৰ্শক হিচাপে বৰুৱা ছাৰ’,ৰেখামণি বৰুৱাৰ ‘জীৱনৰ প্রতিটো সফলতাৰ খোজত সদায় অনুপ্রেৰণা যোগোৱা মোৰ অভিভাৱকজন’,উৰ্বশী বৰাৰ ‘এজন ‘মানুহ’ৰ কথাৰে’,দীপিকা শৰ্মাৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা ছাৰ’,পাপৰি গগৈৰ ‘শ্রদ্ধাৰ বৰুৱা ছাৰলৈ একলম…’,দীপশিখা দিহিঙ্গীয়াৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা ছাৰ’,ৰশ্মিৰখা শইকীয়াৰ ‘ছাৰলৈ শ্রদ্ধা জনাই একলম’,পৰমদ্বীপ বুঢ়াগোহাঁইৰ ‘ শিক্ষক-ছাত্রৰ সম্পৰ্কত বৰুৱা চাৰ’,ৰিমঝিম গগৈৰ ‘ধেমাজিৰ সম্পদ ড° বুদ্ধিন্দ্র বৰুৱা ছাৰ’,আলোকজ্যোতি দত্তৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা ছাৰলৈ একলম’,প্রতীক্ষা কোঁৱৰৰ ‘Boulevard of Positive Vibes’ আৰু হৰেন্দ্র নাথ শৰ্মাৰ ‘ ড° বুদ্ধিন্দ্র বৰুৱা ছাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ’ ।

গ্রন্থখনৰ ‘পৰিয়াল-পৰিজনৰ দৃষ্টিত ড° বুদ্ধিন্দ্র বৰুৱা’ শিতানত থকা লেখাবোৰ হ’ল – লাৱণ্য লাহন চুতীয়াৰ ‘ড° বুদ্ধিন্দ্র বৰুৱাক মই যেনেদৰে জানো’,ডিম্বেশ্বৰ বৰুৱাৰ ‘ ভাতৃ ড° বুদ্ধিন্দ্র বৰুৱা’,কান্তি শইকীয়া(বৰুৱা)ৰ “(দেওৰ)ড° বুদ্ধিন্দ্র বৰুৱাৰ বিষয়ে যৎকিঞ্চিত’,গীতাৰাণী বৰুৱাৰ ‘মোৰ আজন্ম সহযাত্রীজন’ ,মনোজ কুমাৰ দাসৰ ‘ড° বুদ্ধিন্দ্র বৰুৱা’,ভাৰতী বৰাৰ ‘সুহৃদ আত্মীয় শ্রদ্ধাৰ বুদ্ধিন্দ্র বৰুৱাদেৱৰ বিষয়ে মোৰ কিছু ভাল লগা অনুভৱ’, ৰুহিনী বৰুৱাৰ ‘আমাৰ পূজ্য দাদাৰ কৃতিত্বৰ অলপ আভাস’, দীপামণি বৰুৱাৰ ‘আত্মনিৰ্ভশীলতাৰ শিক্ষা দিয়া মোৰ অভিভাৱকজন’,গীতালী বৰুৱা(মমী)ৰ অনুভৱৰ কৰণিত মাজুদাই’, অন্তৰা বৰুৱাৰ ‘ My Only Superhero!’,নিলোৎপল বৰুৱাৰ ‘My Deua…!!!’ আৰু পুলক বৰুৱাৰ ‘বৰ্ণিল জীৱনৰ স্বৰ্ণীল পাতনি’ ।

পৰিশিষ্টত আছে –ড° বুদ্ধিন্দ্র বৰুৱাৰ জীৱন-পঞ্জী আৰু আলোকচিত্র। গ্রন্থখনৰ মূল্য ৩০০টকা । গ্রন্থখনত মুঠ ৪৬৪ পৃষ্ঠা আছে। গ্রন্থখনৰ প্রচ্ছ হোমেন শইকীয়া আৰু আৰ্হিপাঠ তিলেন গগৈ। এই অভিনন্দন গ্রন্থখনৰ পৰা সকলো শ্রেণীৰ পাঠক উপকৃত হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here