নৱ কিৰণ নাট্য গোষ্ঠীৰ উদ‍্যোগত ৰাসলীলা মহোৎসৱৰ আয়োজন

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ, হাঁহচৰাৰ পৰা মুকুল বাইলুং, ২৫ অক্টোবৰঃ শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত বৃন্দাবন ক্ষেত্ৰ, বাকচু মাউৎ গাঁৱত নৱকিৰণ নাট্য গোষ্ঠীৰ উদ‍্যোগত আৰু পূব বেতবাৰী সমূহ ৰাইজৰ সহযোগত ৪ আৰু ৫ জানুৱাৰী ২০২০ চনত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে।

শ্ৰীকৃষ্ণৰ অন‍্যতম লীলা “ৰাস” জনজীৱনৰ কোঁহে কোঁহে প্ৰোথিত এক নজহা নপমা কীৰ্তি ।

লোক কলা সংস্কৃতি প্ৰকৃতিৰ ন-ৰূপেৰে খাপ খুৱাই লোক সমাজত আধ‍্যত্মিক পুষ্টি যোগান আৰু সুস্থ মনোৰঞ্জন দিয়াত ৰাসৰ ভূমিকা নিঃসন্দেহে তুলনিবিহীন।

ৰিপু দমন জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন পথো ৰাসলীলাই মনুষ‍্য সমাজক দেখুৱাই অহা বুলি মনীষীসকলে ব‍্যাখ‍্যা কৰে।

এনে গৰিমাৰে মহিমা মণ্ডিত অনুষ্ঠান ভাগৰ যান্ত্ৰিকতাৰ যুগতো অতিশয় গুৰুত্বপূৰ্ণতা উপলব্ধি কৰি উদযাপন দিশত আগবাঢ়িছে নৱকিৰণ নাট্য গোষ্ঠী।

উদযাপন সমিতিৰ সভাপতি যোগাৰাম গগৈ, কাৰ্য্যকৰী সভাপতি অনিল গগৈ, কোষাধক্ষ ৰাজু গগৈ, মুখ্য সম্পাদক ভৱেন গগৈ, যুটীয়া সম্পাদক অতুল গগৈ আৰু ক্ষীৰোদ সন্দিকৈয়ে সংবাদ মাধ্যমৰ যোগে সমগ্র শিৱসাগৰ জিলাৰ জাতি,ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিশেষে সমূহ সাংস্কৃতিক অনুৰাগী ৰাইজৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ একান্তই কামনা কৰিছে।

ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ অসমীয়া ধাৰাবাহিক চান্দমাৰী চান্দনীৰ “চান্দনী” খ‍্যাত মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনা।

বেহাৰবাৰী আউটপোষ্টৰ “মোহন” খ‍্যাত দীপজ‍্যোতি কেওট। খ‍্যাতনামা ৰাস শিল্পী সুস্মিতা কালিন্দী আৰু অংকুৰ শইকীয়াকে আদি কৰি বহুকেইজন অভিনেতা অভিনেত্ৰী ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here