লংকাৰ কাকীত চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৫ অক্টোবৰঃ হোজাই জিলাৰ লংকাৰ কাকীত চাইল্ড লাইন কৰ্তৃপক্ষ আৰু কাকী আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি কাকীৰ টঙীয়াৰ পৰা উদ্ধাৰ কৰে এগৰাকী ১৬ বছৰীয়া কিশোৰী ।

উল্লেখ যে,দুদিন পূৰ্বে মোৰাঝাৰৰ শিবপুৰৰ পৰা বিয়া কৰোৱাৰ বাবে পলুৱাই আনিছিল কাকীৰ টঙীয়াৰ ছাদ্দাম হুছেইনে ।

কাকী টঙীয়াৰ ছাদ্দাম হুছেইনৰ ঘৰৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰে যদিও ধৃত ছাদ্দাম বৰ্তমান পলাতক ।

কিশোৰীগৰাকীক চাইল্ড লাইনে উদ্ধাৰ কৰি প্ৰথমে কাকী আৰক্ষী থানালৈ লৈ অহাৰ লগতে পৰবৰ্তী সময়ত নগাঁওৰ শিশু গৃহলৈ প্ৰেৰণ কৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here