সণোৱাল কছাৰী ছাত্র সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভা আৰু হালানী সাংস্কৃতিক অনুষ্ঠান

1
11

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং,২৯ অক্টোবৰঃ শিৱসাগৰ জিলা বকতা, সোণাপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শিৱসাগৰ জিলাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভা আৰু হালালী সাংস্কৃতিক অনুষ্ঠান ২৭ অক্টোবৰত অনুষ্ঠিত হৈ যায় ।

কাৰ্যসূচী পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা সোণোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি হীৰক জ‍্যোতি সোনাৱালে।

স্মৃতি তৰ্পণ কৰে জিলা সাধাৰণ সম্পাদক সত‍্যব্ৰত সোণোৱালে। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলক সাহিত্য সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যেৰে জিলা ভিত্তিত চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

বক্তৃতা প্ৰতিযোগিতাৰ বিষয়- ‘সোণোৱাল কছাৰী সামাজিক ব‍্যৱস্থাপনা’। অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ সমান্তৰালকৈ প্ৰতিনিধি সভা অনুষ্ঠিত হয়।

দুপৰীয়া অনুষ্ঠিত হয় বাৰ্যিক প্ৰতিনিধি সভাৰ মূল কাৰ্যসূচী ‘মুকলি সভা’। মুকলি সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰূপ সোণোৱাল।

মুকলি সভাৰ সভাপতিত্ব কৰে শিৱসাগৰ জিলা সমিতিৰ সভাপতি হীৰক জ‍্যোতি সোণোৱালে।

সভাৰ অতিথি আসন অলংকৃত কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোনোৱাল, সহকাৰী সাধাৰণ সম্পাদক বিষ্ণু সোনোৱাল, কাৰ্যালয় সম্পাদক নিপন জ‍্যোতি সোণোৱাল,থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী ,মাহমৰা বিধায়ক যোগেন মহন, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যকৰী সমিতিৰ সাধাৰণ সদস্য যাদৱ ডেকাবৰুৱা।

সন্মানীয় অতিথিৰ বৰ্তমান সময়ৰ উপযুক্ত গাম্ভীৰ্য পূৰ্ণ ভাষণে উপস্থিত দৰ্শক শ্ৰোতা আপ্লুত কৰে। এই মুকলি সভাতেই সোণোৱালী কলমেৰে বোলোৱা ‘সূৰ্য সোণোৱালী’ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ সাধাৰণ সম্পাদকে।

সন্ধিয়া হালালী সাংস্কৃতিক অনুষ্ঠানত নৱনীত হাজৰিকা, সমাজ সেৱিকা মঞ্জু বড়া , প্ৰাক্তন বিধায়ক সুশান্ত বৰ গোহাঁই , মাহমৰা বিশিষ্ট সমাজ কৰ্মী সুৰুজ দিহিঙিয়া উপস্থিত থকা সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন সৃষ্টিশীল, সোণোৱাল কছাৰী নৃত্য প্ৰদৰ্শন কৰাৰ লগতে মৰমৰ শিল্পী দ্বীপদিহিং কছাৰী আৰু দিগন্ত মহনৰ গীতৰ শৰাই উপভোগ কৰে।

Facebook Comments

1 COMMENT

  1. I simply wished to thank you very much yet again. I do not know the things I might have accomplished without the actual creative concepts provided by you over such area. Entirely was a frightening situation for me, however , considering the very expert tactic you processed it took me to leap over gladness. I am just happier for your service as well as wish you know what an amazing job you were getting into teaching the mediocre ones through the use of your website. Most likely you haven’t got to know all of us.

LEAVE A REPLY

Please enter your comment!
Please enter your name here