প্ৰদুষণমুক্ত দিপাৱলী পালনৰ বাবে নৰ্থ ইষ্ট পিপুলচ ৰাইটৰ প্ৰশংসণীয় পদক্ষেপ

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ,হাঁহচৰা, ২৯ অক্টোবৰঃ সেচ্ছাসেৱী সংগঠণ নৰ্থ ইষ্ট পিপুলচ ৰাইটে জনসাধাৰনৰ মাজত প্ৰদুষণমুক্ত দিপাৱলী পালনৰ বাবে বিগত কিছু বৰ্ষ ধৰি বিভিন্ন কাৰ্যসূচী পালন কৰি আহিছে।

শিৱসাগৰ জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান, শিশুসকলৰল লগতে জনসাধাৰনৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ নৰ্থ ইষ্ট পিপুলচ ৰাইক কাৰ্য্যসূছী ৰূপায়ণ কৰি আহিছে। চলিত বৰ্ষতো উচ্চতম ন্যায়ালয় নিৰ্দেশনাসমুহ কাৰ্যকৰী কৰিবৰ বাবে জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান, ডাষ্টবিন বিতৰণ, শিশুসকলৰ মাজত সজাগতা কাৰ্যসূচী আদি হাতত লোৱা হয়।

ইয়াৰ অংশ হিচাপে চেৰেকাপাৰ পঞ্চায়তৰ অন্তৰ্গত চেৰেকাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত অনুষ্ঠিত এক কাৰ্যসূচীত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্য ৰাইজৰ মাজত মাটিৰ চাকি, গছপুলি আৰু বেলুন আদি বিতৰণ কৰা হয়।

অনুষ্ঠানত শিৱসাগৰ খণ্ড উন্নয়ণ বিষয়া গীতামনি বুঢ়াগোঁহাই, চেৰেকাপাৰ পঞ্চায়তৰ সভাপতি পংকজ চেতিয়া, সচিব যতীন চেতিয়া, নৰ্থ ইষ্ট পিপুলচ ৰাইটৰ সম্পাদক দেৱজ্যোতি বৰুৱা, সদস্য মিন্টু চাংমাই, ৱাৰ্ড সদস্যসকলকে প্ৰমূখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সংগঠনটো তৰফৰ পৰা পোহৰৰ উৎসৱ দিপাৱলীক শব্দ আৰু বায়ু প্ৰদুষণৰ উৎসৱলৈ পৰিৱৰ্তিত নকৰিবলৈ সকলোকে আহ্বান জনায়।

এই কাৰ্যসূচীসমূহত ইলোৰা বিজ্ঞান মঞ্চ হাঁহচৰা শাখাৰ বিষয়ববীয়াসকলেও সহযোগ আগবঢ়ায়।

নৰ্থ ইষ্ট পিপুলচ ৰাইটৰ সদস্যসকলৰ লগতে সাধাৰণ সম্পাদক দেৱজ্যোতি বৰুৱাই গ্ৰহণ কৰি অহা এনে ব্যতিক্ৰমী পদক্ষেপক জনসাধাৰণে শলাগ জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here