চাউল আত্মসাৎকাৰী এজেণ্টক ৰক্ষণাবেক্ষণ আৰক্ষীৰঃ ধেমাজি জীয়াঢল সমবায় সমিতিৰ অভিযোগ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজি পৰা ললিত শইকীয়া, ২৯ অক্টোবৰঃ এগৰাকী নিলম্বীত এজেন্টে বহু হিতাধিকাৰীৰ খাদ্য সুৰক্ষা আঁচনিৰ চাউল আত্মসাৎ কৰা তীব্ৰ অভিযোগ তুলিছে ধেমাজিৰ জীয়াঢল সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকে৷

ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদ মেলত কি দৰে হিতাধিকাৰীৰ চাউল নিলম্বিত এজেণ্টজনে আত্মসাৎ কৰিছিল এই সমগ্ৰ বিষয়টো সাংবাদিকৰ আগত সদৰী কৰে৷

সদ্য নিলম্বিত এজেণ্ট জিতেন পায়েঙে দীৰ্ঘদিন ধৰি ৭২ জন হিতাধিকাৰীৰ চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ বিৰুদ্ধে ১৩ গৰাকী হিতাধিকাৰীৰে ধেমাজি সদৰ থানাত গোচৰ দিয়া সত্বেও তদন্তকাৰী বিষয়াগৰাকীয়ে অভিযুক্তগৰাকীক ৰক্ষণাবেক্ষণ দি আহিছে৷

অভিযোক্ত জিতেন পায়েঙে অপপ্ৰচাৰ আৰু মিছা অভিযোগেৰে এই জীয়াঢল সমবায় সমিতিখন পৰিচালনা কৰাত ব্যাঘাত জন্মোৱা বিষয়ে সংবাদমেলত তীব্ৰভাষাৰে সমালোচনা কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here