কেৰেলাত কাম কৰিবলৈ গৈ মৃত্যু ধেমাজীৰ যুৱকৰ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজী, ২৯ অক্টোবৰঃ কেৰেলাত কাম কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি ল’লে ধেমাজিৰ ১নং ভৰালিচুকৰ বিতুপন বৰা নামৰ এজন অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকে৷

বিগত এবছৰ ধৰি কেৰেলাত আছিল বিতুপনে৷

কেৰেলাৰ কুট্যুম জিলাৰ পেৰুমানি নামৰ এটি ৰাবাৰ কোম্পানীত কাম কৰিছিল যুৱকজনে৷

২৬ অক্টোবৰৰ আবেলিপৰত মৃত্যু হৈছিল বিতুপনৰ৷ শুই থকা অৱস্থাতে মৃত্যু হৈছিল যুৱকজনৰ৷

 

পৰিয়ালৰ অভিযোগ-এজন সুস্থ যুৱক দিনটোৰ কাম সামৰি কেনেকৈ কোঠাৰ ভিতৰত মৃত্যু হ’বলৈ পালে?

কেৰেলাত কঠোৰ শ্ৰম কৰি উপাৰ্জন কৰা ধনেৰে নিজৰ পৰিয়ালটিলৈ এমুঠি অন্ন যোগাইছিল যুৱকজনে৷
যুৱকজনৰ মৃত্যুৰ বাতৰিৰে হাহাকাৰ লগাইছে দুৰ্ভগীয়া পৰিয়ালটিত৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here