ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থাঃ দিছপুৰৰ সমীপতে ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত একাঠু পানী

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৯ অক্টোবৰঃ ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় সমুহৰ আন্তঃগাঠনি যে দিনক দিনে শোচনীয় হ’বলৈ ধৰিছে সেয়া নিশ্চিত৷

ৰাজধানী দিছপুৰৰ সমীপতে অৱস্হিত ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত একাঠু পানীৰে উপচি পৰিছে৷ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলে বোকা পানী গছকি শ্ৰেণী কোঠাত প্ৰবেশ কৰিব লগা হয়৷

ইয়াৰ উপৰিও এজাক জোৰকৈ বৰষুণ দিলে শ্ৰেণী কোঠাৰ ভিতৰত পানী সোমায়৷ইয়াৰ বাবে পাঠদানত যঠেষ্ট অসুবিধাৰ সন্মুখীন হয় শিক্ষক শিক্ষয়িত্ৰীৰ লগতে শিক্ষাৰ্থীসকল৷

এইখিনিতে সাধৰণ নাগৰিকৰ প্ৰশ্ন হয় মহানগৰীৰ মাজমজিয়া তথা ৰাজধানীৰ গাতে লাগি থকা বিদ্যালয় এখনৰেই যদি এনেকুৱা অৱস্থা হয় তেনেহ’লে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ বিদ্যালয়সমূহৰ কি অৱস্থা সেয়া সহজে অনুমান কৰিব পাৰি৷

ৰাজ্যৰ শিক্ষা মন্ত্ৰী তথা চৰকাৰখনে যিমানেই চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ উন্নয়নৰ ঢাকঢোল নবজাওক কিয় প্ৰকৃতাৰ্থত যেন চৰকাৰী বিদ্যালয়সমূহৰ উন্নয়ন হোৱা নাই সেয়া এইখন ৰাজধানীৰ স্কুলেই প্ৰমাণ কৰে৷

১৯৭৪ চনত স্হাপন হোৱা বিদ্যালয়খনৰ দুৰাৱস্হা চায়েই শিক্ষা বিভাগৰ কিমান উন্নয়ন হৈছে সেয়া সাধৰণ ৰাইজৰ আৰু বুজিবলৈ বাকী নাই ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here