ঘোচখোৰ ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে সৰব জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদঃ গিতালী দুৱৰাৰ বদলিকৰণৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ওলোমালে তলা

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ৩০ অক্টোবৰঃ ধেমাজিৰ ঘোচখোৰ ৰাজহ চক্ৰ বিষয়া গিতালী দুৱৰাক শাস্তিমূলক বদলিকৰণ দাবীৰে ধেমাজিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তলাবন্ধ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে ধেমাজিৰ যুৱ ছাত্ৰ পৰিষদে।

শতাধিক কৰ্মীয়ে গিতালী দুৱৰাৰ বিৰুদ্ধে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ গেটৰ সন্মুখত বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

 

বিভিন্ন অভিযোগৰ ভিত্তিত ঘোচখোৰ হিচাপে ধেমাজিত পৰিচিত গিতালী দুৱৰাৰ বিৰুদ্ধে বহু অভিযোগ উৎত্থাপন কৰিছে সংগঠনটোৱে, মণ্ডল আৰু ৰাজহ বিষয়াৰ লোকৰ সৈতে মিলিত হৈ বিভিন্ন লোকৰ পৰা ধনৰ লেনদেন কৰি গিতালী দুৱৰাই বৃহৎ দুৰ্নীতি পাহাৰ গঢ়ি তুলিছে বুলি সংগঠনটোৱে দাবী কৰিছে।

প্ৰতিবাদৰ অন্তত জিলা দণ্ডাধীশৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ বিষয়টোৰ তদন্ত বিচাৰি এক স্মাৰক প্ৰেৰণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here