অসম ভিত্তিত যোগ ক্ৰীড়া প্ৰতিযোগিতাত যোগপ্ৰেৰণাৰ সাফল্যতা

0
78

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৩০ অক্টোবৰঃ নগাঁও জিলাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ২২ সংখ্যক অসম যোগ ক্ৰীড়া প্ৰতিযোগিতাত চামগুৰিস্থিত যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰ “যোগপ্ৰেৰণা”ৰ শিশুসকলে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি চামগুৰি অঞ্চললৈ পোন প্ৰথমবাৰৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

যোৱা ২৬ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম ভিত্তিত  যোগ ক্ৰীড়া প্ৰতিযোগিতাখনৰ কালি বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়।

চামগুৰিস্থিত  “যোগপ্ৰেৰণা” কেন্দ্ৰৰ অৰ্চিত বৰা, কল্পজ্যোতি বৰা আৰু ৰিদ্ধিড বিকাশ কৌশিকে আঠ বছৰৰ তলৰ যোগ ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি তৃতীয় স্থান লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

উল্লেখ্য যে এই বছৰতে অনুষ্ঠিত হোৱা নগাঁও জিলা ভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাতো  প্ৰতিযোগীসকলৰ এশ শতাংশই স্থান লাভ কৰিবলৈ সক্ষম হোৱা এই কেন্দ্ৰৰ চামগুৰিবাসী ৰাইজে উত্তৰোত্তৰ কামনা কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here