গুৱাহাটী পৌৰনিগমৰ কাণ্ডই পথচাৰীক দুৰ্ভোগ ভোগাইছেঃ পানবজাৰত পানীৰ পাইপ ফাটি হাজাৰ হাজাৰ লিটাৰ পানী অপচয়

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৩০ অক্টোবৰঃ যিটো সময়ত গুৱাহাটী মহানগৰীৰ সাধাৰণ নাগৰিকে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, তেনে অৱস্থাত মহানগৰীৰ মাজমজিয়াৰ সদাব্যস্ত অঞ্চল দীঘলীপুখুৰী পাৰত পৌৰনিগমৰ পানীৰ পাইপ ফাটি হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হোৱা ঘটনাই মহানগৰবাসী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে, ৰবিবাৰে এই পানীৰ পাইপটো ফটাৰ ফলত বৃহৎ পৰিমানৰ পানী ওলাই পথচোৱা পানীৰে উপচি পৰে৷

ফলত ঠায়ে-ঠায়ে কেইবাটাও গাঁতৰ সৃষ্টি হৈছে৷

গাঁতত বাঁহ পুতি পথচাৰী তথা গাড়ী অহা যোৱাৰ ক্ষেত্ৰত সচেতন কৰি ৰখা হৈছে৷

গুৱাহাটী উচ্চ ন্যালয়ৰ সমীপৰ এই পথচোৱাত এনেকৈ হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হোৱাৰ দৃশ্য দেখিবলৈ পাই মহানগৰবাসী ৰাইজে সহজভাৱে ল’ব পৰা নাই৷

সাধাৰণ ৰাইজৰ প্ৰশ্ন গুৱাহাটীৰ বিভিন্ন অঞ্চলত জনসাধাৰণে পানী এটুপিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷

তেনেস্হলত এনেকৈ পানী অপচয় কৰাটো পৌৰ নিগমৰ এক দায়িত্বহীন কাণ্ড৷ শীঘ্ৰেই পানীৰ পাইপ মেৰামতি কৰি পানী অপচয় বন্ধ কৰক৷

লগতে পথচাৰী তথা গাড়ী দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ গুৱাহাটী পৌৰনিগমক আহ্বান জনায় এচাম পথচাৰীয়ে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here