বাইহাটা চাৰিআলিত ভূমাফিয়াৰ দপদপনিঃআলাউদ্দিন আলীৰ ১কঠা দহ লেছা ভূমি দখলৰ চেষ্টা আব্দুল ৰহমানৰ

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,বাইহাটা চাৰিআলি, ৩০ অক্টোবৰঃ কামৰুপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ আলীপুৱ গাঁৱৰ আলাউদ্দিন আলীৰ একঠা দহ লেছা ভুমি স্হানীয় আব্দুল ৰহমানে বেদখল কৰিবলৈ অহৰহ চেষ্টা চলায় থকাৰ গুৰুতৰ অভিযোগ উথ্থাপন হৈছে৷

এই সন্দৰ্ভত ২৫ অক্টোবৰ তাৰিখে স্হানীয় বাইহাটাত আৰক্ষী থানাত আলাউদ্দিন আলীয়ে এখন এজাহাৰ দাখিল কৰে৷

এজাহাৰত পদকীয় আব্দুল ৰহমান আৰু ভূ-মাফিয়া বাবুল দেৱানে তেওঁৰ একঠা দহ লেচা ভূমি দখলৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰে৷

বলপূৰ্বকভাৱে ভূমি দখলত নজৰা নামৰ এজন যুৱকে সম্পূৰ্ণ সহযোগিতা কৰে৷

এই সন্দৰ্ভত আজি দিছপুৰ প্ৰেছক্লাৱত অনুষ্ঠিত এক সংবাদ মেলযোগে আলাউদ্দিন আলীয়ে কয় যে মোৰ পিতৃ ইয়াজ উদ্দিনে আলীপুৱ গাঁৱৰ ১৭ নং পট্টা ’ দাগ ৯৪-৯৫ একঠা ভূমি আব্দুল ৰহমানৰ তাত ২০০৪ চনত বিক্ৰী কৰে৷

সেই একে দাগৰে অন্য একঠা দহ লেচা ভূমি আব্দুল ৰহমানে ভূ-মাফিয়াৰ বাবুল দেৱানক লগত লৈ বেদখল কৰিবলৈ অহৰহ চেষ্টা কৰি আছে৷

কেইদিনমান আগতে ডাম্পাৰেৰে মাটি পেলাবলৈ লৈছিল আব্দুল ৰহমান নামৰ ব্যক্তিগৰাকীয়ে৷

ইয়াৰ বাবে আমাৰ ফালৰ পৰা বাধা প্ৰদান কৰিবলৈ যাওতে পদকীয়জনে কিছু গুণ্ডাবাহিনী লৈ মোক প্ৰাণে মৰাৰ ভাবুকি দিয়ে৷

এইক্ষেত্ৰত ইতিমধ্যে স্হানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছো যদিও আজিলৈকে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আলাউদ্দিনে কয়৷

তেওঁ কয় যে এইক্ষেত্ৰত আৰক্ষীৰ উচ্চপদস্থ বিষয়াই ঘটনাটোত হস্তক্ষেপ কৰি পদকীয়া পক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই৷

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ঘটনাটোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ অনুৰোধ জনায়৷

তেওঁ লগতে কয় আৰক্ষী প্ৰশাসন থকাৰ পিছতো কিয় সাধাৰণ দুখীয়া মানুহৰ ভূমি এচাম ভূ-মাফিয়াই দখল কৰিবলৈ সাহস কৰে ?

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here