চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে ধেমাজিত ৰাষ্ট্ৰীয় একতা দিৱস পালন

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজীৰ পৰা ললিত শইকীয়া, ৩১ অক্টোবৰঃ লোহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৪ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে ধেমাজী জিলা প্ৰশাসনৰ উদ্যোগত আজি বৃহস্পতিবাৰে ধেমাজিত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস৷

এই দিৱসত ধেমাজী নগৰত উলিওৱা হয় এক সমুহীয়া দৌৰ৷

এই সমূহীয়া দৌৰত অংশগ্ৰহণ কৰে ধেমাজী জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ লগতে জিলাখনৰ সকলো চৰকাৰীৰ বিভাগ আৰু স্থানীয় ৰাইজ৷

অংশগ্ৰহণকাৰীসকলে ধেমাজী ক’ৰ্ট ফিল্ডৰ পৰা আৰম্ভ কৰি নগৰখনৰ প্ৰায় ৫ কিঃমিঃ পথ অতিক্ৰম কৰি পুনৰ ক’ৰ্টফিল্ডত সমাপ্ত কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here