প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী,৩১ অক্টোবৰঃ অসমৰ ২১খন জিলাত বসবাস কৰা বড়োসকলক চৰকাৰে স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত আজি ধেমাজী সদৰত জিলাখনৰ সংযুক্ত বড়ো গণ মঞ্চৰ লগতে বড়ো জনগোষ্ঠীয় বিভিন্ন দল সংগঠনে তিনিঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
নিৰ্বাচনৰ পূৰ্বে বড়োসকলক স্বায়ত্ব শাসন দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান শাসনাধিস্থিত চৰকাৰখনে, কেৱল প্ৰতাৰণাহে কৰিলে এইসকল বড়ো জনগোষ্ঠীয় লোকক।
ৰাজ্যখনৰ ২১ খন বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীসকল সমৰ্থন কৰিছিল বড়ো গণমঞ্চই ইয়াৰ মূল কাৰণ আছিল বি টি চিৰ বাদে অসমৰ ২১খন জিলাত বসবাস কৰা বড়োসকলক স্বায়ত্ব শাসন দিয়াৰ, কিন্তু নিৰ্বাচন শেষ হ’ল আহিল পৰিবৰ্তনকামী চৰকাৰ কিন্তু প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল, ফলত পুনৰ আন্দোলনত নামিব লগা হৈছে এইসকল অবড়ো লোকে, বড়োসকলক সমমৰ্যাদা, সমঅধিকাৰ দিয়াৰ দাবী তুলিছে জনগোষ্ঠীটোৰ দল সংগঠনে।
আগন্তুক শীতকালীন অধিৱেশনত বিষয়টো বিধানসভাৰ মজিয়াত চৰকাৰে উত্থাপন নকৰিলে ১ জানুৱাৰী পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ বড়ো গণমঞ্চৰ।