প্ৰগডেস্ক,৩১ অক্টোবৰঃ ৰাষ্ট্ৰীয় একতা দিৱসটো প্ৰতি বছৰে লৌহমানৱ চৰদাৰ বল্লভভাই পেটেলৰ জন্মতিথি উপলক্ষে ৩১ অক্টোবৰত পালন কৰা হৈ আহিছে।
২০১৯ ৰ ৰাষ্ট্ৰীয় একতা দিৱসটো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ কেভদিয়া স্থিত লৌহমানৱৰ বিশ্বৰ সৰ্বোচ্চ মূৰ্তি ‘ষ্টেচ্যু অৱ ইউিনিটি’ত বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷
এই উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে জম্বু আৰু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰৰ সিদ্ধান্তটো চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি উৎসৰ্গা কৰে৷
মোডীয়ে এই আপাহতে স্মৰণ কৰে বল্লভভাই পেটেলে এসময়ত কোৱা কথাষাৰ, তেওঁ কৈছিল, কাশ্মীৰৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ যদি তেওঁক দিয়া হয় তেওঁ ইয়াৰ সমাধানত ইমান অপ্ৰয়োজনীয় সময় নলগালেহেঁতেন৷
মোডীয়ে আৰু কয় যে, জম্বু-কাশ্মীৰ আৰু লাদাখ দুই কেন্দ্ৰ শাসিত অঞ্চলে আজি স্বকীয়তা ওভতাই পাইছে৷
Facebook Comments