চামগুৰি আৰক্ষীৰ বৃহৎ সাফল্যঃ চামগুৰিত অবৈধ অৰুণাচলী সুৰা ভৰ্ত্তি ট্ৰাক  জব্দঃঃ দুজনক গ্ৰেপ্তাৰ

0
27

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৩১ অক্টোবৰঃঃ  নগাঁৱ জিলাৰ চামগুৰি আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই এখন অবৈধ অৰুণাচলী বিলাতী সুৰা ভৰ্ত্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে যোৱা নিশা চামগুৰি আৰক্ষী থানাৰ আৰক্ষীৰ এটা তহলদাৰী দলে এক গোপন সুত্ৰৰ পম খেদি চামগুৰি আৰক্ষী থানাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী  চলাই অৰুণাচলৰ বান্দৰদোৱাৰ পৰা মণিপূৰ  অভিমুখে আহি থকা এএছ ০১ বিচি ৮২১৫ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে ৷

জানিব পৰা মতে, উক্ত ট্ৰাক খনে চালান বিহীন ভাবে বিলাতী সুৰা মণিপূৰলৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ বুলি   আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে বাহনখন জব্দ কৰাৰ কিছুসময়ৰ পাছতেই আৰক্ষীয়ে কোনো খবৰ প্ৰদান নকৰা স্বতেও আবকাৰী বিভাগৰ এটা দলে চামগুৰি আৰক্ষী থানাত উপস্থিত হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে, বিভিন্ন স্থানত অবৈধ মদৰ ব্যৱসায় চলি থকাৰ পাছতো সেইসমূহ উচ্ছেদত কোনো গুৰুত্ব নিদিয়া আবকাৰী বিভাগে আৰক্ষীয়ে উক্ত গাড়ীখন জব্দ কৰাৰ পাছতেই কিদৰে খবৰ পায় আবকাৰী বিভাগৰ দলটো আৰক্ষী থানাত উপস্থিত হ’ল সেয়া অতি ৰহস্যজনক বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে ।

ইয়াৰোপৰি চামগুৰি আৰক্ষীৰ দলটোৱে ঘটনা সন্দৰ্ভত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন মণিপুৰৰ জেনী কামেই(১৮) আৰু ত্ৰিপুৰাৰ ৰাম কুমাৰ সিং(২২) নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰি আজি  জেইল হাজোতলৈ প্ৰেৰণ কৰে।

আনহাতে আৰক্ষীৰ তদন্তত চোৰাং বিলাতী সুৰা সৰবৰাহ কৰা চক্ৰটোৰ সন্দৰ্ভত বহু তথ্য ফাদিল হোৱাৰ লগতে একাংশ অসাধু ব্যৱসায়ীৰ ছত্ৰছায়াতে নিতৌ চামগুৰিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীয়ে গাড়ীয়ে অৰুণাচলী বিলাতী সুৰা সৰবৰাহ হোৱাৰ দৰে ভয়ংকৰ তথ্যও আজি  পোহৰলৈ আহে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here