যোগানৰ পূৰ্বে ৰন্ধন গেছৰ পৰীক্ষাৰ সজাগতা ভাৰতীয় তৈল নিগম লিমিটেডঃ গুৱাহাটীৰ অভিযানৰ শুভাৰম্ভ কৰে মুখ্য মহাপ্ৰবন্ধক উত্তিয়া ভট্টাচাৰ্যই

0
32

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ১ নবেম্বৰঃ ভাৰতীয় তৈল নিগমে এল পি জি চিলিন্ডাৰৰ ডেলীভাৰীৰ পূৰ্বে পৰীক্ষা ‘পিডিচি’ৰ বাবে উপভোক্তাক অৱগত কৰিবলৈ ২০১৯ বৰ্ষৰ ১নৱেম্বৰৰ পৰা এক বৃহৎ অভিযানৰ পাতনি মেলিছে৷

এই অভিযান সমগ্ৰ মাহ জুৰি অৱ্যাহত থাকিব৷বৰ্তমান যোগানৰ সময়ত উপভোক্তাৰ বাসগৃহৰ চৌহদত যোগানকাৰী লোকজনে ডেলীভাৰীৰ পূৰ্বে পৰীক্ষা সম্পন্ন কৰে৷

ইয়াৰ বাবে গ্ৰাহকসকলৰ বহুতেই ডেলিভাৰীৰ পূৰ্বে পৰীক্ষাৰ বিষয়ে অৱগত নহয়৷

গ্ৰাহকক সজাগতা সৃষ্টিৰ বাবে নিগম লিমিটেডে এই পদক্ষেপ গ্ৰহণ কৰিছে৷

ইয়াৰে অংশ হিচাপে গুৱাহাটী মহানগৰীৰ বেলতলাৰ চিটি চাৰ্ভিছ নামৰ গেছ এজেন্চিটোৱে অনুষ্ঠিত কৰা এক অনুষ্ঠানত আজি ভাৰতীয় তৈল নিগমৰ মুখ্য প্ৰবন্ধক তথা ইন্ডীয়ান অইলৰ উত্তৰ পূৰ্বাঞ্চলৰ বিপনন শাখাৰ মূৰব্বী উত্তিয়া ভট্টাচাৰ্যই মুকলি কৰে৷

তেওঁ মুকলি কৰি কয় যে যোগানৰ সময়ত চিলিন্ডাৰৰ ছীল অক্ষত অৱস্থাত থাকিব লাগে, চিলিন্ডাৰৰ ওজন যোগানৰ সময়ত প্ৰদৰ্শনৰ কৰিব লাগিব, গেছ নিৰ্গম হৈছে নেকি তাৰ পৰীক্ষা কৰিব লাগিব, কেছমেম’ত উল্লেখ থকা ধৰণে ৰিফিলৰ দাম আদায় কৰিব পাৰিব৷

ইয়াৰ বাবে গ্ৰাহক তথা ডেলিভাৰী দিয়া ব্যক্তিগৰাকী যঠেষ্ট সজাগ হোৱাৰ প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে৷

উল্লেখ্যে যে অনুষ্ঠানটোত জেনেৰেল মেনেজাৰ এম বি মনোহৰ আৰু গুৱাহাটীৰ এল পিজিৰ মহাপ্ৰবন্ধক ৰঞ্জিত বুঢ়াগোঁহাই উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here