চামগুৰি ভেলেউগুৰিৰ কৃতী শিক্ষক, জ্যোতিষী ৰত্নকান্ত শৰ্মাৰ মৃত্যু

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২ নবেম্বৰঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ভেলেউগুৰিৰ নিবাসী তথা প্ৰাক্তন প্ৰধান শিক্ষক, সমাজসেৱক, জ্যোতিষী ৰত্নকান্ত শৰ্মা ১ নবেম্বৰৰ বিয়লি নিজ বাসভৱনত মৃত্যু হয়৷

১৯২৫ চনত ভেলেউগুৰিত জন্ম গ্ৰহণ কৰা ৰত্নকান্ত শৰ্মাই শিক্ষাগ্ৰহণ সমাপ্ত কৰি নগাঁও, লামডিং,কলিয়াবৰ আদিকে ধৰি বহুকেইখন বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰে৷

পৰৱৰ্তী সময়ত কলিয়াবৰ উলুৱনি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰা ৰত্নকান্ত শৰ্মাই ১৯৮৫ চনত কলিয়াবৰ ৰহধলা বুনিয়াদী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে৷

মিছা হাইস্কুলৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে দায়িত্ব পালন কৰি সমগ্ৰ অঞ্চলটোতে শৈক্ষিক পৰিৱেশ সৃষ্টি কৰা ৰত্নকান্ত শৰ্মা চামগুৰি ব্ৰাহ্মণ সমাজৰো প্ৰাক্তন সভাপতি আছিল৷

কৃতী শিক্ষক হিচাপে ৰাজ্যিক পুৰস্কাৰ প্ৰাপক শৰ্মা এজন জ্যোতিষী হিচাপে নগাঁও জিলাখনতেই এক সুকীয়া পৰিচয় আছিল৷

আজি বিয়লি প্ৰায় ২ মান বজাত নিজ বাসভৱনত বাৰ্ধক্য জনিত ৰোগত শৰ্মাৰ মৃত্যু হোৱাত অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পৰিছে৷

সমাজসেৱক কৃতী শিক্ষক, জ্যোতিষী ৰত্নকান্ত শৰ্মাই মৃত্যুৰ সময়ত তিনিজন পুত্ৰ- বোৱাৰী, নাতি – নাতিনী সহ পৰিয়ালৰ বহু লোকক ইহ সংসাৰত এৰি থৈ যায়৷

ৰত্নকান্ত শৰ্মা চামগুৰি দুলাল পেপাৰ এজেন্সীৰ স্বত্বাধিকাৰ তথা সাংবাদিক দুলাল শৰ্মাৰ পিতৃ আছিল৷

উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা, বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ একালত শিক্ষা গুৰু আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷

আনহাতে শৰ্মাৰ মৃত্যুত চামগুৰি প্ৰাথমিক ব্ৰাহ্মণ সমাজ, চামগুৰি প্ৰেছ ক্লাৱ, সংযুক্ত সাংবাদিক সন্থাৰ লগতে অঞ্চলৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here