লাকুৱা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তথা সাহিত্যিক পেঞ্চনাৰ খগেশ্বৰ চেতিয়া ফুকনৰ একান্নবৈ সংখ্যক ওপজা দিন পালন

0
13

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ,হাঁহচৰাৰ পৰা মুকুল বাইলুং, ২ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ লাকুৱা অঞ্চলত গাঁঠিৰ ধন ব্যয় কৰি সাহিত্য চৰ্চাৰ ভেটি স্থাপন কৰা মহীৰূহ খগেশ্বৰ চেতিয়া ফুকনৰ ৩০ অক্টোবৰত একান্নবৈ সংখ্যক ওপজা দিন উলহ-মালহেৰে উদযাপিত হৈ যায়।

লাকুৱা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ অলংকৃত কৰি ব্যস্ততাৰ মাজেৰে সাহিত্য সাধনাত নিজকে ব্ৰতী ৰখা চেতিয়া ফুকনৰ এতিয়ালৈকে ভিন্ন ৰুচি সম্পন্ন কুৰিখনতকৈও অধিক গ্ৰন্থ প্ৰকাশ পাইছে।

যাৰবাবে তেখেতে অসম চৰকাৰৰ তৰফৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিবলৈ সক্ষম হয়।তেখেতৰ ওপজা দিনত গুণমুগ্ধই নিজা বাসভৱনত আহি জন্ম দিনৰ ওলগ জনোৱাৰ লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

লাকুৱা শাখা সাহিত্য সভাৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনোৱা লগতে তেখেতে দি যোৱা অৱদানৰ শলাগ লৈ বক্তব্য দাঙি ধৰে শাখাৰ সভাপতি সঞ্জীৱ বাইলুঙে।

সম্পাদিকা ৰেখামণি দুৱৰা ৰাজকুঁৱৰীয়ে ফুলাম গামোচাৰে সম্ভাষণ জনোৱাৰ উপৰিও তেখেতৰ সৰু পুত্ৰ অমূল্য চেতিয়া ফুকনে দেউতাকক এটি মূল্যবান গছপুলি উপহাৰ দি দেউতাকৰ সুস্বাস্থ্য কামনা কৰে।

মাজুপুত্ৰ তথা শিক্ষক দেৱ চেতিয়াৰ আমন্ত্ৰণ ক্ৰমে আয়োজন কৰা ওপজা দিনত বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে কেক কটা কাৰ্য সম্পাদন কৰাৰ লগতে ককালৈ জন্ম দিনৰ শুভকামনা জনোৱা কাৰ্যসূচী ৰূপায়ণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here