শিৱসাগৰ জিলাৰ ভাধৰাত নৃশংস হত্যাকাণ্ডঃ স্বামীয়ে হত্যা কৰিলে পত্নীক

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰা,২ নৱেম্বৰঃ শিৱসাগৰ ভাধৰাত ভূপেন ফুকন নামৰ ব্যক্তি জনে নিজ পত্নী অঞ্জনা ফুকনক মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে।

কেইবাদিনো ধৰি ভূপেন ফুকন আৰু অঞ্জনা ফুকনৰ মাজত প্ৰায়ে কাজিয়া সংঘটিত হৈ আহিছিল। আনকি এবাৰ ভূপেন ফুকনে পত্নী অঞ্জনা ফুকনক গাত কেৰাচিন তেল ঢালি জ্বলাই প্ৰাণে মৰাৰ চেষ্টা কৰে যদিও কথমপি প্ৰাণ ৰক্ষা পৰিছিল অঞ্জনা ফুকন।

হত্যাকাৰী ভূপেন ফুকন

৩১ অক্টোবৰৰ নিশা দুয়োৰে মাজত হোৱা কাজিয়াই ইমানেই ভয়াৱহ ৰূপ লৈছিল যে অৱশেষত নিজ স্বামী ভূপেন ফুকনে পত্নী অঞ্জনা ফুকনক ঘৰৰ ভিতৰতে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে।

হত্যাকাৰী স্বামীক স্থানীয় চেৰেকাপাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here