লংকাৰ কাকীত নিৰুদ্বেশ ছাত্ৰ, নাম ৰবীন বৰা

0
30

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৪ অক্টোবৰঃ প্ৰতিগৰাকী পিতৃ-মাতৃয়ে নিজৰ সন্তানটো যাতে বিপথে পৰিচালিত হৱ নোৱাৰে তাৰ বাবে কৰে শাসন ।

কেতিয়াৱা যদি মৰম চেনেহৰ মাজৰে নিজৰ সন্তানটিক বুজাৱ চেষ্টা কৰে, কেতিয়াবা আকৌ নিজৰ সন্তানটিক এচাৰিৰে দুই এচাত দি হ’লেও কৰিবলৈ চেষ্টা কৰে শাসন ।

যাতে নিজৰ সন্তানটো বিপথে পৰিচালিত নহৈ ভালদৰে পঢা-শুনা কৰি জীৱনত উন্নতি কৰিব পাৰে ।

কিন্তু হোজাই জিলাৰ লংকা কাকীৰ চুতীয়া গাঁৱত এগৰাকী মাতৃয়ে নিজ সন্তানক দুষ্টামী কৰাৰ লগতে পঢ়া-শুনা নকৰাত খংতে দুই-এচাৰী দিয়াতেই লাগিল কেনা ।

যোৱা বৃহস্পতিবাৰৰ নিশাৰ পৰা বৰ্তমানলৈকে অন্তৰ্ধান ৰবীন বৰা(১৫) নামৰ ছাত্ৰজন ।

কাকীৰ শ্ৰীশ্ৰীমাধৱদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যায়নৰত ছাত্ৰ ৰবীন বৰা আজি প্ৰায় ৯ দিন ধৰি নিৰুদ্বেশ হৈ থকাত বৰ্তমান ছাত্ৰজনৰ গৃহত সৃষ্টি হৈছে কান্দোনৰ ৰোল ।

ঘৰৰ পৰিয়ালে আত্মীয়, বংস-কুটুম সকলতে বিচাৰ-খোচাৰ কৰিও সম্ভেদ উলিয়াব নোৱাৰি ভূক্তভোগী পৰিয়ালে কাকী আৰক্ষী থানাত ঘটনাসন্দৰ্ভত দাখিল কৰিছে এজাহাৰ ।

পৰিয়ালৰ অনুৰোধ কোনো সদাসয় ব্যক্তিয়ে উক্ত ছাত্ৰ ৰবীন বৰাৰ সম্ভেদ পালে ৬০০৩৩৪২৪১০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ভূক্তভোগী পৰিয়ালটোৱে ।|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here