ৰেখা বৰগোহাঁইৰ গ্ৰন্থ ‘আমি অসমীয়া’ প্ৰবন্ধ সংকলন ‘ইতিহাসৰ পাত লুটিয়াই’ শিশুৰ বাবে আহোম বুৰঞ্জী উন্মোচন

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৪ অক্টোবৰঃ তিনি অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত ৰেখা বৰগোহাঁইৰ দুখনকৈ গ্ৰন্থ ‘আমি অসমীয়া’ প্ৰবন্ধ সংকলন আৰু ‘ইতিহাসৰ পাত লুটিয়াই’ শিশুৰ বাবে আহোম বুৰঞ্জী উন্মোচন কৰা হয়৷

বিশিষ্ট সাংবাদিক তথা সুলেখিকা মাইনী মহন্ত আৰু বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া লক্ষ্মীনাথ তামুলীয়ে গ্ৰন্থ দুখন উন্মোচন কৰে৷

অনুষ্ঠানটোত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক তথা দৈনিক অসম কাকতৰ উপ-সম্পাদক শিৱ প্ৰসাদ ডেকাই৷

উল্লেখযোগ্য যে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here