পঞ্চায়ত পৰিকল্পনা উৎসৱ,জিপিডিপিৰ দ্বিতীয় গাওঁসভা

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজীৰ পৰা ললিত শইকীয়া, ৫ অক্টোবৰঃ ধেমাজি জিলা জোনাই মহকুমাত অসামৰিক চিকিৎসালয় নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি।

প্ৰায় ২২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কাৰ্য চলি থকা চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে অতি নিম্ন মানৰ সামগ্ৰী।ভগা শিল আৰু বালি ঠাইত মাটিৰ সংমিশ্ৰিত শিল বালিৰে পূৰ্ণ গতিত চলি আছে চিকিৎসালয় নিৰ্মাণৰ কাম কাজ।

নিৰ্মাণ কামত তদাৰক থকা ক্ষুদ্ৰ অভিযন্তাই এনে এনে নিৰ্মাণৰ সামগ্ৰী ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে বুলি নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকে জানিবলৈ দিয়ে।

ইফালে বিভাগীয় বিষয়া অভিযন্তা, ঠিকাদাৰ মিলি এনেধৰণৰ দুৰ্নীতিৰ কৰাত ক্ষুব্ধ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদ জোনাই আঞ্চলিক সমিতি ।সংগঠনটোৱে কয় যেতিয়ালৈকে উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ নকৰে তেতিয়ালৈকে নিৰ্মাণ কাৰ্য স্থগিত ৰাখিবলৈ সকীয়নি প্ৰদান কৰে।

উল্লেখ্য যে প্ৰায় ডেৰ বছৰ পূৰ্বে জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয় কাষতে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অসামৰিক চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল।

আধাৰশিলা স্থাপনত উপস্থিত আছিল সাংসদ প্ৰদান বৰুৱা, জোনাই বিধায়ক ভূৱন পেগু আৰু ধেমাজি বিধায়ক ডঃ ৰনোজ পেগু।

লক্ষ্যণীয় হ’ব যে চিকিৎসালয় নিৰ্মাণৰ আৰম্ভণিতে এনে ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগু আৰু ধেমাজীৰ বিধায়ক ডঃ ৰনোজ পেগুৱে কেনেধৰণৰ ব্যবস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here