শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি পদত প্ৰাৰ্থিত্বৰ ভিৰ

0
9

প্ৰাগজ্যোতিষ বাৰ্তা, শুৱালকুছি, ৭ নবেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ তত্ত্বাৱধানত সমগ্ৰ অসমত সাংগঠনিক নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷

ইয়াৰ বাবে ৰাজ্যিক সমিতিৰ তৰফৰ পৰা প্ৰতিটো মণ্ডলত ডি আৰ অ’, এ ডি আৰ অ’, এম আৰ অ’, আৰু এ এম আৰ অ’ নিযুক্তি দি মণ্ডল সভাপতি নিৰ্বাচনৰ বাবে দায়িত্ব অৰ্পণ কৰে৷

গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত শুৱালকুছি মণ্ডলত সভাপতি পদৰ প্ৰাৰ্থীৰ ভীৰ পৰিলক্ষিত হৈছে৷

৮ টা পঞ্চায়তৰ দ্বাৰা গঠিত শুৱালকুছি মণ্ডলত ইতিমধ্যে ৯ গৰাকী প্ৰাৰ্থিয়ে প্ৰতিদণ্ডিতা আগবঢ়াইছে৷

যাৰ বাবে নিৰ্বাচন সমিতিখনে কোনো এজন প্ৰাৰ্থীক সভাপতি পদৰ বাবে নিৰ্বাচিত কৰিব পৰা নাই৷

যোৱা ২নবেম্বৰ তাৰিখ শুক্ৰবাৰে শুৱালকুছি মণ্ডলত এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়৷

উক্ত সভাত ডি আৰ অ’ তথা বিধায়ক নুমল মোমিন, মহানগৰ জিলা উপসভাপতি তপন দাস, জিলা যুৱ মৰ্চা সভাপতি মানৱ দাস আৰু মানব কলিতা সভাত উপস্থিত থাকে৷

তেওলোকে সামুহীয়া প্ৰস্তাৱ আকাৰে হেমচন্দ্ৰ বৈশ্য, জয়ন্ত বৈশ্য, ধীৰাজ মহন্ত, অপূৰ্ব দাস, দুলু দাস, কবিন শৰ্মা, দুলুমনি দাস, নগেন দাস আৰু কুমুদ দাসৰ নাম সভাপতি পদৰ বাবে গুৱাহাটী মহানগৰ জিলা সমিতিলৈ প্ৰেৰণ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here